🔹 বনভূমি বেদখলমুক্ত কৰাৰ বিপৰীত ছবি উজনিত
বিশেষ বার্তা, ৯ জানুৱাৰী : চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যা সমাধানৰ পদক্ষেপ আৰু বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপ কার্যতঃ অসাৰ হৈ পৰিছে৷ সংৰক্ষিত বনাঞ্চল তথা চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলোৱাৰ সময়তে চৰাইদেউৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত উন্মোচিত হৈছে বিপৰীত ছবি৷ চৰকাৰ, প্রশাসন তথা বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ সুযোগ গ্রহণ কৰি অসমৰ ভূমিত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল অব্যাহত আছে৷ বনাঞ্চলখনৰ ভিতৰত নগা বেদখলকাৰীয়ে গাঁও প্রতিষ্ঠা কৰি বিদ্রোহী সংগঠন এনএছচিএন(ইউ)ৰ এটা শিবিৰ স্থাপন কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, শতাধিক নগা বিদ্রোহী থাকিব পৰাকৈ নতুনকৈ প্রতিষ্ঠা কৰা গাঁওখনত কেইবাটাও পকীঘৰ নির্মাণ কৰা হৈছে৷ মূলতঃ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছসমূহ কাটি নিয়াৰ লগতে অসমৰ ভূমি বেদখল কৰাৰ লক্ষ্যৰে বিদ্রোহী সংগঠনটোৰ কেম্প এইদৰে স্থাপন কৰা হৈছে৷ অসম চৰকাৰৰ নথি–পত্রৰ লগতে গুগল মেপত নগা বিদ্রোহীয়ে কেম্প স্থাপন কৰা অঞ্চল ৰাজ্যৰ সীমাৰ ভিতৰত বুলি দেখুওৱা হৈছে যদিও সম্পূর্ণ অঞ্চলটোৱে নগাৰ অধীনত আছে৷ ৬৭,০৩৫.৬২ হেক্টৰ মাটিকালিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ৩ হাজাৰ হেক্টৰৰো অধিক অসমৰ ভূমি দখল কৰি নগাই গাঁও প্রতিষ্ঠা কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে চৰাইদেউ জিলাৰ অসম–নাগালেণ্ড সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সন্দেহযুক্ত নগা বিদ্রোহী সংগঠনৰ পৃষ্ঠপোষকতাত ব্যাপক হাৰত বনাঞ্চল ধ্বংস চলি থকাৰ তথ্য পোহৰলৈ আহিছিল৷ ইয়াৰ পাছতে চৰাইদেউ জিলা প্রশাসন, জিলা আৰক্ষী প্রশাসন আৰু বন বিভাগৰ এটা যৌথ দলে কিছুদিন পূর্বে বনাঞ্চলখনত অভিযান চলায়৷ এই অভিযানৰ সময়তে নগা বিদ্রোহীয়ে অসমৰ ভূমি এনেদৰে বেদখল কৰি থকাৰ তথ্য সত্য বুলি প্রমাণিত হয়৷ বনাঞ্চলখনৰ প্রায় ২০ কিলোমিটাৰ দৈর্ঘ্যৰ সীমা নাগালেণ্ডৰ মন জিলাৰ সৈতে সংলগ্ণ হৈ আছে৷ নাগালেণ্ডৰ দিশে থকা এই সীমা উন্মুক্ত৷ যাৰ সুযোগ গ্রহণ কৰি দীর্ঘদিন ধৰি নগা চোৰাং কাঠ ব্যৱসায়ীয়ে একাংশ স্থানীয় লোকৰ সহযোগত নির্বিঘ্ণে বনাঞ্চলখনত প্রৱেশ কৰি বনধ্বংস অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ বনাঞ্চলখনৰ ৩১নং খণ্ডৰ বৃহৎ এলেকাৰ মাটি নগাই বেদখল কৰি এখন গাঁও প্রতিষ্ঠা কৰিছে৷ এলেকাটোত নিজৰ দখলদাৰী সাব্যস্ত কৰিবলৈ তাত থকা সৰু সৰু গছসমূহত তেওঁলোকে নামফলক আঁৰি দিছে৷ কচুবাৰী, টেঙাবাৰী, মিনি দলং আদি অঞ্চল নিজৰ দখললৈ নিয়াৰ পাছত বনাঞ্চলত প্রৱেশ কৰিবলৈ নগাই জেচিবিৰে পাহাৰ কাটি ৰাস্তা নির্মাণ কৰিছে৷ এইক্ষেত্রত তেওঁলোকক সহযোগিতা কৰিছে চোৰাং কাঠৰ ব্যৱসায়ীসকলে৷ নাগালেণ্ডৰ মন জিলাৰ নামচা, লাপালংপং, কাকুনপথাৰ আদি বস্তি সংযোগী পথটোৱেদি চোৰাং কাঠ ব্যৱসায়ীসকলে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত ট্রাক আৰু আন আন সৰু বাহন লৈ প্রৱেশ কৰে৷ এই বাহনসমূহৰে তেওঁলোকে বনাঞ্চলখনত কটা গছসমূহৰ কুণ্ডা কোনো বাধা নোহোৱাকৈ নাগালেণ্ডলৈ লৈ যায়৷ চৰকাৰ আৰু চৰাইদেউ জিলা প্রশাসনৰ লগতে বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ সুযোগ গ্রহণ কৰি অসমৰ ভূমিত স্থাপন কৰা গাঁওখনৰ পৰাই সম্প্রতি নগাই অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ বনধ্বংস অব্যাহত ৰাখিছে৷ প্রাপ্ত তথ্য অনুসৰি, অভয়পুৰ বনাঞ্চলৰ ৩১নং খণ্ডত স্থাপন কৰা নগা বিদ্রোহীৰ শিবিৰটোত বাহৰ পাতি থকা উগ্রপন্থীৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত দিনে–নিশাই গছ কটাৰ কাম চলি আছে৷ নগা বিদ্রোহীসকলে দৈনিক ২০০ টকা মজুৰিৰে নিয়োগ কৰা একাংশ চোৰাং কাঠকটীয়াৰ জৰিয়তে যন্ত্রচালিত মেচিনেৰে বৃহৎ বৃহৎ মূল্যৱান গছ এফালৰ পৰা কাটি পেলাইছে৷ ম’হ আৰু হাতীৰ জৰিয়তে এই গছৰ টুকুৰাসমূহ বনাঞ্চলৰ এক নির্দিষ্ট অঞ্চলত জমা কৰা হয়৷ পৰৱর্তী সময়ত গাড়ীৰে কুণ্ডাসমূহ নাগালেণ্ডলৈ লৈ যোৱা হয়৷ জানিব পৰা মতে, প্রায় ১০ বছৰ পূর্বে বন বিভাগে বন্ধ কৰি দিয়া বনাঞ্চলখনৰ জয়মতী বন শিবিৰটোৰ ওচৰে–পাঁজৰে নগা চোৰাং কাঠ ব্যৱসায়ীসকলে কেইবাটাও শিবিৰ আৰু চাংঘৰ নির্মাণ কৰি গৈছে৷ ইয়াত আশ্রয় গ্রহণ কৰি তেওঁলোকে দিনে–নিশাই গছ কটাৰ কাম চলাই আহিছে৷ স্বাভাৱিকতে এনে কার্যই সংৰক্ষিত বনাঞ্চলখনৰ সমীপৱর্তী অঞ্চলসমূহত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সমগ্র ঘটনাৰ বিষয়ে জ্ঞাত হোৱাৰ পাছতো স্থানীয় বন বিভাগ আৰু প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰাত ব্যর্থ হোৱা কার্যক লৈও চর্চা আৰম্ভ হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে সত্র–চৰকাৰী ভূমি আৰু সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ কেতবোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত চৰকাৰী ভূমি তথা বনাঞ্চল বেদখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে৷ তেনে সময়তে নগা বিদ্রোহীয়ে অসমৰ ভূমি বেদখল কৰি কেম্প স্থাপন কৰা কার্যত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷
প্ৰেৰক দীপাংকৰ পাল