ৰাজ্যিক মুৱাইথাইত ২৭ পদক অৰ্জন নগাবাট-তৰাণি-মেৰাপানী একাডেমীৰ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : যোৰহাটত অনুষ্ঠিত ২১সংখ্যাক ৰাজ্যিক মুৱাইথাই প্ৰতিযোগিতাত জিলাখনৰ হৈ অংশগ্ৰহণ কৰা নগাবাট, তৰাণি আৰু মেৰাপানী একাডেমীৰ ২৭ গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। মুখ্য প্ৰশিক্ষক শান্তনু ৰাজখোৱাৰ তত্বাৱধানত যোৱা ২৭ গৰাকী খেলুৱৈৰ আটাইকেইগৰাকীয়ে পদক লাভ কৰিবলৈ সক্ষম হোৱাত ক্ৰীড়াপ্ৰেমী ৰাইজে শলাগ লৈছে। ইয়াৰে ২৩ গৰাকীয়ে সোণৰ পদক, ৩ গৰাকীয়ে ৰূপ আৰু এগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। দলটোত থকা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জাৰ্চএনৌ চুতীয়াই দুটা বিভাগত অংশগ্ৰহণ কৰি দুয়োটাতে সোণৰ পদক লাভ কৰে। জাৰ্চএনৌ চুতীয়াক প্ৰতিযোগিতাখনতে ৰাজ্যিক পৰ্যায়ৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষণা কৰে। খেলুৱৈসকলৰ ভিতৰত সোণৰ পদক লাভ কৰে ক্ৰমে নিহাৰিকা সোণোৱাল, অঞ্জুমণি ঠেঙাল, পংক্ষুৰী গগৈ, নিশিতা ঠেঙাল, দেৱযানী গগৈ, জ্যোতিকা গগৈ, দেৱযানী সোণোৱাল, জাৰ্চএনৌ চুতীয়া, নিতুমণি চুতীয়া, দীক্ষিতা সোণোৱাল, হিৰণ্য গগৈ, পিৰুজ শইকীয়া, প্ৰীতম সোণোৱাল, চুমিত শইকীয়া, স্পন্দন সোণোৱাল, দীপাংকৰ চুতীয়া, কৰণ চাহু, অশ্বিন হাজৰিকা, অৰ্ণৱ শইকীয়া, পদুম্ন্য চৰণীয়া, কল্পজ্যোতি গড়, মানস সোণোৱাল, গৌতম সোণোৱালে। ৰূপৰ পদক লাভ কৰে ৰাজ সোণোৱাল, মনোজ ঠেঙাল আৰু মৃগাংক গগৈয়ে। ব্ৰঞ্জৰ পদক লাভ কৰে হীৰকজ্যোতি চুতীয়াই। মুনমী সোণোৱালে খেলুৱৈ দলটোৰ পৰিচালকৰ দায়িত্ব পালন কৰি দলটোৰ নেতৃত্বত থকা প্ৰশিক্ষক শান্তনু ৰাজখোৱাক সহযোগিতা কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা জিলা সমূহৰ ভিতৰত যোৰহাট জিলাই শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয়। আনহাতে নগাবাট, তৰাণি, মেৰাপানী একাডেমীৰ পৰা যোৱা দলটোৰ আটাইকেইগৰাকীয়ে প্ৰতিযোগিতাত পদক লাভ কৰাত বিশেষ সমাদৰ লাভ কৰে। প্ৰতিগৰাকী খেলুৱৈক অঞ্চলকেইটাৰ ক্ৰীড়াপ্ৰেমী লোকসকলে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। এই প্ৰতিভাবান খেলুৱৈসকলক লৈ আগন্তক দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত নমাৰ লক্ষ্যৰে দুৰ্বাৰ প্ৰস্তুতি চলাই যোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰশিক্ষণ শান্তনু ৰাজখোৱাই।
প্ৰেৰক অজয় শইকীয়া