নিয়মীয়া বাৰ্তা, ১ মেঃ ৰাজ্যৰ ৩ গৰাকী কোভিড ৰোগীয়ে আজি চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰে ৷ ইয়াৰে ১ গৰাকী ৰোগী গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু মৰিগাঁৱৰ দুগৰাকী গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷
ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা নাগালেণ্ডৰ ৰোগীগৰাকীকো আজি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ সম্প্ৰতি ৰাজ্যত ৯ গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে ৷ আজি এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
Glad that 3 more patients are being discharged today.
# 2 Morigaon patients from MMCH, Ghy
# 1 patient from Civil Hosp, GolaghatAdditionally, one patient of Nagaland admitted at GMCH, Ghy is also being discharged.
Only 9 active cases remain, as on date.#AssamCovidCount pic.twitter.com/8oe4CD0So5
— Himanta Biswa Sarma (@himantabiswa) May 1, 2020