নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাক বিভাগক ব্যক্তিগতকৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে নগাঁৱত ডাক ধৰ্মঘট

বিশেষ বাৰ্তা, ১০ আগষ্টঃ ডাক বিভাগক ব্যক্তিগতকৰণ চক্ৰান্ত বন্ধ কৰাৰ দাবীত আজি ডাক বিভাগৰ কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। পোষ্টেল, জে চি এৰ আহবানত আজি নগাঁৱত ডাক কৰ্মচাৰী সকলে এদিনীয়া সৰ্ব ভাৰতীয় ডাক ধৰ্মঘট কাৰ্যসূচী পালন কৰে। নগাঁৱৰ মূখ্য ডাকঘৰত এই কাৰ্যসূচী পালন কৰি কৰ্মচাৰী সকলে ডাক বিভাগৰ বিৰুদ্ধে কৰা চক্ৰান্ত বন্ধ কৰাৰ দাবী জনাই। কৰ্মচাৰী সকলে ডাক বিভাগক ব্যক্তিগত কৰাৰ চক্ৰান্ত বন্ধ কৰক, নতুন পেঞ্চন আচনি বাতিল কৰক, গ্ৰামীণ ডাক সেৱক সকলক সামাজিক সুৰক্ষা প্ৰদান কৰক, খালি পদ সমূহ শীঘ্ৰে পূৰন কৰক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। কৰ্মচাৰী সকলে ডাক বিভাগক ব্যক্তিগতকৰণ কৰাৰ সড়যন্ত্ৰ বন্ধ কৰা, নতুন পেঞ্চন নীতি বাতিল কৰা, পুৰনা পেঞ্চন নীতি চালু কৰা, গ্ৰামীণ ডাক সেৱক সকলক সামাজিক সুৰক্ষা প্ৰদান কৰা, কেজুৱল শ্ৰমিক, অংশ কালীন কেজুৱল শ্ৰমিক আৰু ডি আৰ এম সকলক স্থায়ী নিযুক্তি প্ৰদান কৰা, বিভাগীয় খালি পদ সমূহ শীঘ্ৰে পূৰণ কৰা, ১৮ মাহৰ বকেয়া, মৰগীয়া বানচ আদায় দিয়া, সকলো পোষ্টেল, আৰ এম এছ, এম এছ কাৰ্যালয়ত পাচ দিনীয়া কৰ্মসপ্তাহ পালন কৰাকে ধৰি বহু কেইটা দাবী উত্থাপন কৰে। এ আই পি ই ইউৰ নগাঁও শাখাৰ উদ্যোগত ৰূপায়ন কৰা ডাক ধৰ্মঘটৰ জৰিয়তে কৰ্মচাৰী সকলে ডাক কৰ্মচাৰী সকলৰ দাবী সমূহ শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনাই।

প্ৰেৰক কনক হাজৰিকা

You might also like