নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-অৰুণাচল সীমা সমস্যাঃ বিবদমান নামচাং চাহ বাগিচা পৰিদৰ্শন দুই ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্ট: বিগত বৰ্ষৰ মে মাহত অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য যেনে অৰুণাচল, মেঘালয় মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে থকা সীমা সমস্যা সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যেই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰী সমূহৰ লগত এই বিষয়টোত আলোচনাত মিলিত হৈ সমিলমিলেৰে সমস্যাসমূহ দুৰিকৰণৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশ স্বৰূপে আজি অসম অৰুনাচলৰ সীমা বিবাদ নিস্পত্তিক লৈ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰত দুই ৰাজ্যৰ মন্ত্ৰী বিধায়ক আৰু আমোলাৰ এখন গুৰুত্ব পূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। প্ৰণিধানযোগ্য যে নাহৰকটীয়া সমষ্টিৰ জয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা অসম অৰুণাচল সীমান্তৰ অন্তিমখন চাহ বাগিচা নামচাং আৰু পুৱেৰুণ বস্তি নামৰ তথা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পাহাৰীয়া একা বেঁকা অতি দুৰ্গম পথেৰে প্ৰায় ১০ কিলোমিটাৰ পথ অতিক্রম কৰিলে পোৱা পাণ্ডৱ বৰ্জিত এই বিবাদমান অঞ্চলটো বিগত সময়ত নিজৰ বুলি দাবী কৰি আহিছে চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশে। এই সমস্যাটোক লৈ যাতে দুয়োখন ৰাজ্যৰ মাজত কোনো বিতৰ্কৰ সৃষ্টি নহয় আৰু এই সমস্যাটো কিদৰে সমাধান কৰিব পৰা যায় সেই উদ্দেশ্যেৰে বৰ্তমান অসমৰ দখলত থকা নামচাং অঞ্চলক লৈ আজি নাহৰকটীয়াৰ জয়পুৰৰ বন বিভাগৰ পৰিদৰ্শন বঙলাত দুই ৰাজ্যৰ সীমা নিৰ্দ্ধাৰণ সমিটিৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত সভাত অসমৰ সীমা নিৰ্দ্ধাৰণ সমিটিৰ হৈ স্থানীয় বিধায়ক তৰংগ গগৈ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাঙ্গ মিশ্ৰ, স্থানীয় ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত থকাৰ বিপৰীতে অৰুনাচল প্ৰদেশৰ সীমা নিৰ্দ্ধাৰণ সমিটিৰ হৈ জনস্বাস্থ্য কাৰিকৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী ৱাংকি লৱাং, বৰদুৰীয়াৰ বিধায়ক ৱাঙলিন লৱাঙডং, তিৰাপ জিলাৰ উপায়ুক্ত তাৰো মিজে, আৰক্ষী অধীক্ষক কাৰডক ৰিবা উপস্থিত থাকে সীমা।উল্লেখযোগ্য যে প্ৰায় ঘণ্টাজোৰা বৈঠকৰ অন্তত দুয়োটা দলে বিবাদমান নামচাং অঞ্চল পৰিদৰ্শন কৰে। নিজৰ পৰিদৰ্শন কালত অৰুনাচলৰ মন্ত্ৰী ৱাংকি লৱাঙে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অৰুনাচলৰ সৈতে অসমৰ পূৰ্বৰে পৰা সু-সম্পৰ্ক অক্ষুন্ন আছে বুলি মন্তব্য কৰি যিহেতু এটা সময়ত গোটেই উত্তৰ পূৰ্বাঞ্চল খনেই অসমৰ অন্তৰ্গত আছিল, সেইবাবে পিতৃৰ পৰা যেতিয়া ককায়েক ভায়েকৰ মাজত সম্পত্তিৰ ভাগ বটোৱাৰা হয় তেতিয়া কিছু পৰিমানে সমস্যা থাকে কিন্তু এই সকলো বিলাক আলোচনাৰ মাধ্যমেৰে সমধান কৰা হয়, ঠিক একেদৰেই এই সমস্যাও আলাপ আলোচনাৰ মাজেৰে আশো সমাধান কৰা হব বুলি মতপ্ৰকাশ কৰে। একেদৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে বিবাদমান অঞ্চল পৰিদৰ্শৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰা হব আৰু দুই ৰাজ্য অসম আৰু অৰুনাচলৰ মুখ্যমন্ত্ৰীদ্বয়ে নামচাং প্ৰকৃততে কোন ৰাজ্যৰ ভাগত পৰিব সেইয়া চুড়ান্ত কৰিব বুলি প্ৰকাশ কৰে । উল্লেখ্য যে যি সময়ত ৰাজ্যৰ সীমা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে তেনে সময়ত এই বিবদমান অঞ্চলটোক লৈ আজিলৈকে দুই ৰাজ্যৰ মাজত কোনো আইন শৃংখলা জনীত সমস্যা সৃষ্টি হোৱাৰ বিপৰীতে অসম অৰুনাচল দুয়ো পক্ষই বন্ধুত্বমূলক আলোচনাৰে সীমা সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে শীঘ্ৰেই এই সমস্যাটো সমাধান হব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like