নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাখী পূৰ্ণিমা উপলক্ষে ধুবুৰীত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ বিশেষ কাৰ্য্যসূচী

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ ৰাখী পূৰ্ণিমাৰ দিনটো বিশেষ ভাৱে উদযাপন কৰিবলৈ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত ধুবুৰী চহৰত দুটাকৈ বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। সংগঠনটোৰ ধুবুৰী নগৰ সমিতিয়ে সদৰি কৰা অনুসৰি কালি দিনৰ ১০.৩০ বজাত চহৰখন বালুৰচৰস্থিত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জলস্কন্ধ বিভাগৰ ধুবুৰীস্থ কাৰ্য্যালয়ত ৰাখী পূৰ্ণিমা উপলক্ষে আয়োজন কৰা হৈছে প্ৰথমটো কাৰ্য্যসূচী। উক্ত অনুষ্ঠানত জিলাখনৰ ভাৰত–বাংলাদেশ সীমান্তত কৰ্তব্যৰত বিএছএফৰ বিষয়া আৰু জোৱানসকলক ৰাখী পিন্ধোৱাৰ উপৰিও পৰম্পৰাগত ভাৱে ৰাখী উৎসৱ পালন কৰা হ’ব। আনহাতে কালি দুপৰীয়া ১ বজাত ধুবুৰী আৰক্ষী ছাউনিত অনুষ্ঠিত হ’বলগীয়া সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ দ্বিতীয়টো কাৰ্য্যসূচীত জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱসহ জিলা আৰক্ষীৰ অন্যান্য বিষয়া–কৰ্মচাৰীৰ উপস্থিতিত ৰাখী উৎসৱ পালন কৰা হ’ব। তদুপৰি ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলকে ধৰি বিভিন্ন প্ৰান্ততো ৰাখী পূৰ্ণিমা উপলক্ষে অহাকালি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা হোৱা বুলিও জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like