নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিদ্যুৎ বিভাগৰ মৰণফান্দ, ঠিকাদাৰৰ লুণ্ঠনৰ ফন্দি

🔹 বেছ প্লেট অবিহনেই বহুৱাইছে সুউচ্চ বিদ্যুতৰ খুঁটা

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : কামৰূপৰ বকো বিদ্যুৎ উপ-সংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰা ফীডাৰৰ হেকৰা-জামলাই পথাৰত সম্প্ৰতি “এন কে পাৱাৰ এণ্ড ইনফাষ্ট্ৰাকচাৰ প্ৰাঃ লিমিটেড” নামৰ প্ৰতিষ্ঠানটোৱে মেইন লাইনৰ তাঁৰবোৰ অধিক উচ্চতাৰে নিয়াৰ লক্ষ্যৰে প্ৰকাণ্ড প্ৰকাণ্ড এলুমিনিয়াম খুঁটা পুতিবলৈ লোৱাত বৃহত্তৰ নগৰবেৰাবাসীয়ে বাৰিষাৰ দুৰ্যোগ আঁতৰা হোৱাৰ উমান পাই উৎফুল্ল হৈছিল যদিও কামৰ ৰেহ-ৰূপ দেখিহে সকলোৱে বিচূৰ্তি খাইছে | স্মৰ্তব্য যে প্ৰতিবাৰেই বাৰিষা বানপানী বাঢ়িলে ’মেইন লাইন’ৰ বিদ্যুৎ পৰিবাহী তাঁৰবোৰ জলপৃষ্ঠ চুবলৈ ধৰাৰ বাবেই বিভাগীয়ভাৱে নগৰবেৰাৰ বিদ্যুৎ কৰ্তন কৰা হৈছিল ঘণ্টাৰ পাছত ঘণ্টা, আনকি সময়ত তিনি-চাৰি দিন পৰ্যন্ত | বাৰিষা নগৰবেৰাৰ বিদ্যুৎ বিকলৰ কথা আৰু পৰিত্ৰাণৰ বাবে ৰাইজৰ পৰামৰ্শ সন্দৰ্ভত একাধিক প্ৰতিবেদনো প্ৰকাশ কৰা হৈছিল কাকতত | অৱশেষত সংশ্লিষ্ট বিভাগে বাৰিষা বিদ্যুৎ কৰ্তন আঁতৰোৱাৰ লক্ষ্যৰে বিদ্যুৎ পৰিবাহী তাঁৰবোৰৰ উচ্চতা বঢ়াবলৈ ওখ ওখ এলুমিনিয়ামৰ প্ৰায় চাৰিশ পোষ্ট বহুৱাই নগৰবেৰালৈ বুলি কোটিটকীয়া অভিলাষী আঁচনি হাতত লৈছিল | সেইমৰ্মে “এন কে পাৱাৰ এণ্ড ইনফাষ্ট্ৰাকচাৰ প্ৰাঃ লিমিটেড“ নামৰ এটা প্ৰতিষ্ঠানে নিবিদাযোগে উক্ত কোটিটকীয়া কামৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হয় | প্ৰথম অৱস্থাত সুউচ্চ খুঁটাবোৰ দেখিয়েই ৰাইজ স্তম্ভিত হোৱাৰ উপৰি মনতো অপাৰ আনন্দ উপজিছিল | পিছে খুঁটাবোৰ নামমাত্ৰ গাঁত খান্দিয়েই পোতা হ’ল, না ছাইড ঢালাই ,না বেছ প্লেটৰ দিহা কৰা হ’ল, ফলত সাধাৰণ এজাক বৰষুণতেই হাউলি পৰিল এই খুঁটাৰ কেইবাটাও | জানিব পৰা মতে, প্ৰতিষ্ঠানটোৱে উক্ত কামৰ বাবে একাংশক ছাব কন্টেক্ট হিচাপত দিয়েই দায়িত্ব সামৰিলে | প্ৰশ্ন হয়, বিভাগীয়ভাৱে খুঁটাবোৰ পোতাৰ পৰত ’ছাইড ঢালাই’ আৰু ’বেছ প্লেট’ৰ বাবে ঠিকাদাৰক নিৰ্দেশনা দিয়া হোৱা নাছিল নেকি ? যদি দিয়া নাই, তেন্তে কোমল মাটিত সুউচ্চ খুঁটাবোৰ মাটি খান্দি থিয় কৰাই ৰাখিব বিচৰাটো ভাবিলেই আচৰিত লাগে | চৰ্চা চলিছে যে এক ফুট ব্যাসাৰ্ধৰ ছাইড ঢালাই আৰু গুৰিত বেছ প্লেট ঢালাই কৰাৰ নিৰ্দেশনাও আছিল, যদি সেয়াই হয় তেন্তে কিয় তেনে কৰা নহ’ল ? কাৰ হেমাহিত এই অবিবেচকী কাণ্ড ? সম্প্ৰতি যি হিচাপত খুঁটাবোৰ পোতা হৈছে, সেইদৰে যদি আগলৈও ‘বেছ প্লেট আৰু ছাইড ঢালাই’ৰ দিহা কৰা নহয়, তেন্তে সমাগত বাৰিষাত তাঁৰে পানীৰ সংস্পৰ্শলৈ নাহিলেও খুঁটাবোৰ যে বাগৰিব, সেইটো একপ্ৰকাৰ নিশ্চিত ! তেনেস্থলত কিহৰ বাবে এই পালমৰা কামৰ নমুনা প্ৰত্যক্ষ কৰিও নীৰৱ হৈ আছে বকো উপ-সংমণ্ডলীয় কাৰ্যালয় কৰ্তৃপক্ষ ? ৰাইজে শীঘ্ৰে বিভাগীয় অভিযন্তাৰ দ্বাৰা এই স্পৰ্শকাতৰ বিষয়টো পৰ্যবেক্ষণ কৰোৱাই খুঁটাবোৰ মজবুতকৈ পোতাৰ দিহা কৰাৰ পৰামৰ্শ আগবঢ়াইছে, কিয়নো তাকে নকৰিলে বিভাগটোৰ এই কোটিটকীয়া আঁচনি সময়ত ভালুকৰ সাঙীসদৃশ হোৱাৰহে সম্ভাৱনা অধিক বুলি সচেতন ৰাইজৰ যুক্তি |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like