নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা গাঁও পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা

নিয়মীয়া বাৰ্তা,  ১৬ ছেপ্টেম্বৰ : নগৰবেৰা গাঁও পঞ্চায়ত সমবায় সমিতিৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাখন আজি সুকলমে সম্পন্ন হয় | সমবায়খনৰ সভাপতি আব্দুল বাৰিকৰ পৌৰোহিত্যত অনুষ্ঠিত সাধাৰণ সভাত সম্পাদক ৰুদ্ৰ বাহাদুৰ ভাণ্ডাৰী, সঞ্চালক মণ্ডলী, অংশীদাৰসকল, সমবায় সমিতিখনৰ মুঠ ৩০গৰাকীকৈ এজেণ্ট, হিচাপ পৰীক্ষক আদিৰ উপৰি কামৰূপৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ বিষয়া হীৰেন শৰ্মা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে | আজিৰ এই সভাত সমবায় সমিতিৰ বছৰ বছৰ ধৰি বন্ধ হৈ থকা ৰাজসাহায্যৰ ধন মোকলাই দিবলৈ চৰকাৰক দাবী জনোৱাৰ উপৰি এতিয়াৰে পৰা পৰৱৰ্তী সময়ত বিশেষকৈ শাৰদীয় পূজাৰ বতৰত সমবায়ৰ চাউল নিয়মীয়াকৈ ৰাইজক যোগান ধৰিবলৈ সকলোৱে আহ্বান জনায় | সভাত বিগত বৰ্ষৰ জমা-খৰচৰ খতিয়ান দাখিল, হিচাপ পাঠ আৰু গ্ৰহণ কৰা হয়। একেদৰে সমবায় সমিতিৰ দুই প্ৰাক্তন আৰু প্ৰয়াত সম্পাদকৰ পৰিয়ালৰ পৰা পাবলগীয়া মোটা অংকৰ পুঁজি শীঘ্ৰে আদায়ৰ বাবে পাঁচজনীয়া সমিতি এখনো গঠন কৰি দিয়া হয় | সভাপতি আব্দুল বাৰিক আৰু সম্পাদক ৰুদ্ৰ বাহাদুৰ ভাণ্ডাৰীৰ পৰিচালনাত সমবায় সমিতিখনে শেহতীয়াকৈ যথেষ্টখিনি সফলতাৰ দিশে ধাৱমান হোৱা বুলি সকলোৱে উল্লেখ কৰি সম্পাদক ৰুদ্ৰ বাহাদুৰ ভাণ্ডাৰীৰ দক্ষতা আৰু সুপৰিচালনাৰ শলাগ লয় | সভাৰ অন্তত প্ৰীতিভোজেৰে বাৰ্ষিক সাধাৰণ সভাৰো সামৰণি পৰে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like