নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ইতৰ কবিৰ ইতৰ কবিতা

 ইতৰ কবিৰ ইতৰ কবিতা

 

🔹 দিগন্ত বিশ্ব শৰ্মা

যৌনতা যাৰ কবিতাৰ প্ৰধান উপজীব্য
যৌন লিপ্সা যাৰ জীৱনৰ দৰ্শন একমাত্ৰ
সি কি বুজিব হেৰা
মানৱাত্মাৰ অন্তৰ্নিহিত প্ৰেৰণাৰ কথা!
যৌনতাই জানো নহয়
ইতৰ কবিৰ ইতৰ কবিতা!
পাশৱিকতাতেই নিমজ্জিত অৱৰুদ্ধ
তেওঁৰ সমগ্ৰ কল্পনা আৰু চেতনা!
নান্দনিকতা তেওঁৰ মাজত
দীৰ্ঘদিনব্যাপী নিস্তেজ আৰু নিষ্ক্ৰিয়!
কিজানি ইতিমধ্যে এতিয়া সি
একেবাৰে নিৰ্বাপিত আৰু অন্তৰ্হিত!
যৌনতাৰ দাবানলত
তেওঁৰ কবিতাত আজি সৰ্বত্ৰ ওলায়
ইতৰ কামনাৰ উদগ্ৰ দুৰ্গন্ধ!
মানৱাত্মাই নাপায় বিচাৰি তাত
নাই তেওঁৰ কবিতাত
শাশ্বত জীৱনৰ লেশমাত্ৰ মহামন্ত্ৰ!
পশুত্বতেই দৃষ্টি তেওঁৰ নিবদ্ধ অৱৰুদ্ধ
যৌনতাই সততে তেওঁৰ কবিতাৰ
আদি মধ্য আৰু অন্ত
তেওঁৰ সৃষ্টিৰ সমস্ত তত্ত্ব!
পশুকেই কৰে তেওঁ প্ৰত্যক্ষ সৰ্বত্ৰ।
নন্দন তত্ত্বৰ প্ৰগলভতাৰে
হোৱা নাই কদাপি তেওঁ উদ্দীপিত
বাদ-উপবাদত কেতিয়াবাই কবি
আক্ৰান্ত আৰু ক্ষত-বিক্ষত!
পশুত্বই তেওঁৰ জীৱনৰ জীৱন-সমগ্ৰ।
সুন্দৰৰ আৰাধনা নহয় তেওঁৰ সাধনাৰ শক্তি
যৌনতাই তেওঁৰ জীৱনৰ সুতীব্ৰ দৃষ্টি!
আছে জানো এতিয়াও তাত
প্ৰেৰণা আনন্দ অথবা সৌন্দৰ্যৰ অনুভূতি!
জীৱনক ধুনীয়া কৰিবলৈ ক’ত আছে তাত
প্ৰেৰণাৰ পৱিত্ৰ শক্তি
অথবা জীৱনৰ অমোঘ বাণী!
যৌনতাই তেওঁৰ জীৱনৰ সমগ্ৰ দৃষ্টি।
পশুকেই দেখে তেওঁ চৌপাশে
সৌন্দৰ্য আৰু আনন্দেৰে
শাশ্বত জীৱনৰ অভিমুখে
হোৱা নাই কেতিয়াও
কবিৰ হৃদয় পৰিপূৰ্ণ উদাৰ হৃদয়েৰে
জ্যোতি আৰু প্ৰেৰণাৰ প্ৰপাতেৰে।
যৌনতা ঈৰ্ষা আৰু প্ৰতিহিংসাৰ প্ৰবৃত্তিৰেই
তেওঁ কবিতা লিখে
বিকৃত ইতৰ কল্পনা আৰু পশুৰ চেতনাৰে
পশুকেই তেওঁ দেখে সৰ্বত্ৰ আৰু চৌপাশে!
ঈৰ্ষা বেদনা প্ৰতিহিংসাৰে পৰিপূৰ্ণ
বিষোদগাৰ আৰু জিঘাংসাৰ অভিব্যক্তি
নাছিল কেতিয়াও মানুহৰ কবিতাৰ
সুকুমাৰ উপজীব্য কদাপি!
সৌন্দৰ্য আনন্দ আৰু প্ৰেৰণা
অজৰ অমৰ শাশ্বত কাব্যৰ ত্ৰিধাৰা!
স্থূলতা নীচতা আৰু হীনতা
পাৰে জানো হ’ব কেতিয়াবা
সুকুমাৰ কবিৰ নান্দনিক মনৰ চেতনা!
মানুহৰ কাব্য সাধনাৰ শ্ৰদ্ধা অথবা নিষ্ঠা!
তেওঁৰ কবিতাৰ ভাব আৰু ভাষা
নাই তাত লেশমাত্ৰ কাব্যৰ সাধনা
প্ৰৱাহিত হোৱা নাই তাত কেতিয়াও
কাব্য সাধনাৰ অজৰ অমৰ শাশ্বত ত্ৰিধাৰা!
সেইবোৰ সেয়ে ইতৰ কবিৰ
ইতৰ মন আৰু প্ৰাণৰ কবিতা!
যৌনতা যাৰ কবিতাৰ প্ৰধান উপজীব্য
যৌন লিপ্সা যাৰ জীৱনৰ দৰ্শন একমাত্ৰ
সি কি বুজিব হেৰা
সনাতন সত্তাৰ শাশ্বত অংশ
অজৰ অমৰ মানৱাত্মাৰ প্ৰেৰণা
আৰু অন্তৰ্নিহিত মনৰ কথা!

 

গুৱাহাটী
১৫-০৯-২০২৩ 
You might also like