নিয়মীয়া বাৰ্তা, ২৭ জুন : শেহতীয়াকৈ যেন ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবিখন উন্মোচিত হৈছে নগৰবেৰাত। জোৰা টাপলি লগাই কানেকানমাৰি চলি আছে চিকিৎসা সেৱা। লক্ষাধিক লোকৰ স্বাস্থ্য সেৱা আৰু চিকিৎসাৰ একমাত্ৰ চিকিৎসালয় নগৰবেৰা খণ্ড প্ৰাঃ স্বাস্থ্য কেন্দ্ৰ। পিছে নামত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভিতৰত ধোবাংবাং অৱস্থা। জাক-জাক গৰু, গাহৰিৰ বিচৰণথলী হৈ পৰিছে চিকিৎসালয়খন। স্বাস্থ্য কেন্দ্ৰৰ চাৰিওফালে বাউণ্ডাৰী ৱাল’ দিয়া আছে, সন্মুখত আছে গৰু-ছাগলী সোমাব নোৱাৰাকৈ কেটেল গ্ৰীড (Cattle grid), পিছে তৎসত্বেও পুৱাতেই প্ৰতিবেশীৰ গৰু-গাহৰি ভিতৰত প্ৰবেশ কৰি কদৰ্যতাৰ সৃষ্টি কৰিছে চিকিৎসালয়খনৰ। ফলত সময়ত গৰু ষ্ট’ৰ ৰুমত সোমাই কেতবোৰ দৰকাৰী নথি-পত্ৰ খোৱাৰ দৰে কাণ্ডও সংঘটিত হৈছে চিকিৎসালয় খনৰ। চিকিৎসা সেৱাও তথৈবচ, নাই পৰ্যাপ্ত চিকিৎসক ,নাৰ্চ কিম্বা অইন কৰ্মচাৰী,ফলত জোৰাটাপলি লগাই চলি আছে লক্ষাধিক লোকৰ চিকিৎসা সেৱা ,সময়ত ৱাৰ্ড গাৰ্লেও চম্ভালিব লাগে নাৰ্চৰ দ্বায়িত্ব। একেদৰে ফাৰ্মাচিষ্ট পৰ্যন্ত হ’বলগীয়া হয় চিকিৎসক।চিকিৎসালয়খনত এবছৰীয়া ম্যাদৰ চিকিৎসকক লৈ মুঠ চিকিৎসক ছয়গৰাকী, তিনিজন নিয়মীয়া, এগৰাকী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, এগৰাকী এবছৰীয়া কাৰ্যকালৰ আৰু বাকী এগৰাকী হোমিও চিকিৎসক। পিছে পাঁচ গৰাকীকৈ এলোপেথ্যিক চিকিৎসক থকা সত্বেও নিশাৰ ভাগত সঘনাই প্ৰত্যক্ষ কৰা হয় হোমিও চিকিৎসক গৰাকীকহে। স্মৰ্তৱ্য যে বৃহত্তৰ নগৰবেৰা অঞ্চলৰ নগৰবেৰা, পথালিপাৰা, পিজুপাৰা, কালুবাৰী, মালঞ্চা, মেধিপাৰা, শগুণবাহী, পাহাৰপাৰা, ভখুৰাদিয়া, ৰঙ্গেশ্বৰী, জামলাই, পলাহৰটাৰী, নায়টৰ-খামেৰী, কল্যাণপুৰ, সৰুডোবা, চেনীমাৰা আদি গাঁও সমূহৰ উপৰি প্ৰতিবেশী বাঘবৰ, চেঙা, পূব গোৱালপাৰা আৰু দুধনৈ সমষ্টিৰ ভালেসংখ্যক গাঁৱৰ লাখ-লাখ লোকে চিকিৎসালয় খনলৈ সেৱা বিচাৰি আহযাহ কৰে যদিও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিত নাই পৰ্যাপ্ত চিকিৎসা সুবিধা। ফলত বহু ৰোগী উভটিব লগীয়া হয় বিফল মনোৰথে। এক কথাত ক’বলৈ হ’লে জ্বৰ,পানীলগা, মহিলাৰ সাধাৰণ প্ৰসৱ কৰোৱা (অস্ত্ৰোপচাৰ নহয় ) আদিত বাহিৰে নগৰবেৰাত বাকী ৰোগৰ চিকিৎসাৰ সুবিধা নাই বুলিলেও অত্যুক্তি কৰা নহ’ব। তেনেস্থলত ৰোগীক এম্বুলেন্সৰ সহায়ত গুৱাহাটী-গোৱালপাৰালৈ নিবলগীয়া হয় নিতৌ। একেদৰে চিকিৎসালয় খনৰ প্ৰবেশ পথটিৰ বিধ্বস্ত অৱস্থাই জ্বলাকলা খুৱাই আহিছে ৰাইজক ,ৰাইজৰ দৃষ্টিত চিকিৎসালয় পৰিচালনা সমিতি এখন থকাৰ পাছতো কিহৰ বাবে আজিকোপতি প্ৰবেশ পথটিৰ এনে জৰাজীৰ্ণ, পংকিল অৱস্থা, সেয়া সকলোৰে বাবে এক অবুজ সাঁথৰ। গৰু-গাহৰি নিতৌ চিকিৎসালয় খনত পিটপিটাই ফুৰা দেখিলে মনলৈ এনে ভাব হয় যেন চিকিৎসালয় নহয় গো-চৰণীয়া পথাৰ এখনহে। যিসময়ত ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে মেডিকেল কলেজ ,মডেল হাস্পাতাল ইখনৰ পাছত সিখনকৈ স্থাপনৰ আঁচনি চৰকাৰে বাস্তৱায়িত কৰিছে। তেনে সময়ত নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিক ৰাইজৰ সুবিধা হোৱাকৈ উন্নীতকৰণৰ দিহা নকৰাটো সকলোৰে বাবে এক বুজিব নোৱাৰা বিষয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্পৰ্শকাতৰ বিষয়টো বিবেচনা কৰি শীঘ্ৰে ৰাইজৰ স্বাস্থ্য সেৱাৰ নিৰাপত্তা দিবলৈ অঞ্চলবাসীয়ে কাতৰ আহ্বান জনাইছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস