নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা মেধিপাৰাত অচিন ৰোগত আক্ৰান্ত গোধন, বিপাঙত গোপালক

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : কামৰূপৰ নগৰবেৰাত বিমোৰত পৰিছে দুখীয়া কৃষক, গোপালকসকল। অচিন ৰোগত আক্ৰান্ত হৈছে পোহনীয়া গোধন | মেধিপাৰা গাঁৱত বহু কৃষক পৰিয়ালত হাহাকাৰ লাগিছে নিজৰ পোহনীয়া গৰুবোৰক লৈ | দানা-পানী, ঘাঁহ সকলো খায় যদিও খোজ কাঢ়িব নোৱাৰে গৰুবোৰে, শুলে উঠিবই নোৱাৰে, মানুহ গোটাইহে উঠাই দিব লাগে কাণে-নেজে ধৰি | গৰুবোৰ পুষ্টিহীনতাত ভোগা যেন অনুমান হয় দেখিলে। চেহেৰা একেবাৰে হাড়ে-ছালে লাগি অৱস্থাই নাই। ঠেং আৰু কঁকালত যেন উঠিব পৰা শকতিয়েই নাই ! প্ৰায় পষেক দিন ধৰি গাঁওখনত গৰুবোৰৰ এই ৰোগৰ লক্ষণ দেখা দিয়া বুলি জনাইছে ভুক্তভোগী গোপালকসকলে। আনকি দুই-এটা পৰিয়ালত ৰোগাক্ৰান্ত গোধনৰ মৃত্যু ঘটা বুলিও উল্লেখ | এইক্ষেত্ৰত নগৰবেৰা পশু চিকিৎসালয় কৰ্তৃপক্ষৰ কাণসাৰেই নাই। ফলত ব্যক্তিগতভাৱে প্ৰতিবেশী গোৱালপাৰা শিমলীতোলা অঞ্চলৰ পৰাহে নিজা খৰচত দিহা কৰিব লাগে হেনো গোধনৰ চিকিৎসা-পাতিৰ !মুঠতে গোহালিৰ গোধনৰ এনে অৱস্থা দেখি সম্প্ৰতি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে গাঁওখনৰ সংশ্লিষ্ট গোপালকসকল | ৰোগাক্ৰান্ত পশুসমূহৰ এতিয়াই চিকিৎসাৰ দিহা নকৰিলে অচিৰেই মৃত্যু ঘটাৰেই আশংকা কৰিছে গোপালকসকলে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like