নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : কামৰূপৰ ছমৰীয়া উন্নয়ন খণ্ডৰ ৪০নং নগৰবেৰা গাওঁ পঞ্চায়তৰ স্থায়ী কাৰ্যালয় চৌহদত আজি চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী সম্পন্ন হয় | পঞ্চায়ত সভাপতি দীপাংকৰ কলিতাৰ পৌৰোহিত্যত আয়োজিত আজিৰ এই কাৰ্যসূচীত নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি উদয়শংকৰ মেধি, অৱসৰপ্ৰাপ্ত শিক্ষক মদন পাঠক, পবিত্ৰ কুমাৰ মেধি, ৰবিলোচন ঠাকুৰীয়া, প্ৰাক্তন পঞ্চায়ত সভাপতি পদ্মলোচন দাসৰ লগতে নগৰবেৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত স্বাস্থ্যসেৱা, জনস্বাস্থ্য কাৰিকৰী, পশুপালন, সমাজ কল্যাণ বিভাগ, মীন বিভাগকে আদি কৰি চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে | গ্ৰামীণ জীৱিকা সখি, অংগনৱাড়ী কৰ্মী-সহায়িকা আৰু ভালেসংখ্যক স্থানীয় লোক কাৰ্যসূচীত উপস্থিত থাকে | সংকল্প বিকশিত ভাৰত যাত্ৰাৰ অংশ হিচাপে মোদী মুভি আৰু বিকাশ সম্পৰ্কীয় চলচিত্ৰ প্ৰদৰ্শন কৰা হয় | পৰৱৰ্তী সময়ত উপস্থিত সকলোকে সংকল্প বাক্য পাঠ কৰোৱায় ছমৰীয়া উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা যাদৱ বৰ্মনে | সংকল্প যাত্ৰাৰ কাৰ্যসূচীৰ মাজতেই গীত-মাত আৰু নাম প্ৰদৰ্শনো কৰা হয় | কাৰ্যসূচীৰ অন্তত নৱনিৰ্মিত পঞ্চায়ত গৃহৰো ৰঙা ফিতা কাটি দ্বাৰ উন্মোচন কৰা হয় |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস