নাহৰ মানেই আৱেগ-উন্মাদনা, ঢকুৱাখনা কলেজত দৃষ্টিনন্দন শোভা
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : অসমীয়াৰ প্ৰাণৰ ব’হাগ সমাগত, বসন্তৰ আগমনৰ উমান পাই প্ৰকৃতিৰাণীয়েও সলাইছে ৰং। ন-ৰূপ, ন-সাজেৰে ৰঙীন হৈ উঠিছে প্রকৃতি। এয়া ফাগুনী পছোৱাই নাহৰৰ সুগন্ধি বিলোৱাৰ বতৰ, এয়া নাহৰৰ গোন্ধত বাউলী হৈ চ’তৰ যতৰ এৰি নাচনী বিহুতলীলৈ ঢাপলি মেলাৰ বতৰ। ফাগুনে লঠঙা কৰা নাহৰৰ দালত এতিয়া বসন্তৰ পৰশ।নাহৰৰৰ সু-কোমল সেউজীয়া পাতৰ মাজত পাহি মেলি হাঁহিছে নাহৰৰ ফুলে।নাহৰ মনেই যেন এক আৱেগ, এক উন্মাদনা। নাহৰক বাদ দি যেন অসম্পূর্ণ ব’হাগৰ ছবি। নাহৰ ফুল নুফুলিলে যেন ব’হাগেই নাহে। তাৰেই উপমা পোৱা যায় এনেদৰে-“ন-পানী বঢ়া নাই/নাহৰ ফুল ফুলা নাই/বিহু বিহু লগা নাই গাত।” নাহৰক লৈ সৃষ্টি হয় কবিতা,সৃষ্টি হয় গীতৰ।শুভ্ৰ ৰঙৰ নাহৰ অবিহনে যেন উৰুঙা নাচনীৰ খোপা।”আজি নাহৰ ফুলিছে/এইহেন বতৰতে তোমালৈ মনত পৰে/খিৰিকীখন জপাই থও বুলিও থব পৰা নাই/আজি নাহৰৰ সুগন্ধ কবিতা হৈ মোৰ কলমেৰে নিগৰিছে।” কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাটো নাহৰ ফুলৰ সুৱাস। বিহুলৈ মাজত দিনচেৰেক বাকী।ৰাজ্যৰ প্রান্তে প্রান্তে অব্যাহত বিহুৰ কৰ্মশালা।ঢোল পেঁপাৰ মাতে বাউল কৰিছে সকলোকে।কিন্তু,নাহৰ ফুল নুফুলিলে যেন বহাগেই নাহে। বসন্তৰ পৰশত চৌদিশে বিয়পি পৰিছে নাহৰ ফুলৰ সুকোমল হাঁহি। আকাশ ভৰি ফুলি উঠা হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ। চাৰিওফালে চালে চকুৰুৱা মন-প্ৰাণ হৰি নিয়া মনোৰম দৃশ্য। লখিমপুৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুস্থান ঢকুৱাখনা মহাবদ্যালয়ৰ চৌহদত এতিয়া নাহৰ ফুলিছে।প্ৰকৃতিৰ বুকুত নিয়ম অনুসৰিয়েই আকাশ উপচাই ফুলি উঠা নাহৰ ফুলে উন্মনা কৰি তুলিছে বহুতক। ঘন সেউজীয়া পাতৰ আঁৰত হালি-জালি ফুলা নাহৰৰ ফুলবোৰে এতিয়া হাত-বাউলি মাতিছে প্ৰকৃতিপ্ৰেমীক। নাহৰৰ নিৰিবিলি ছাঁত জিৰণি লৈছে মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীয়ে।চৌদিশৰ শুভ্ৰ কেশৰঙী নাহৰৰ হাঁহিত কোনোৱে যদি চেল্ফি উঠিছে আন কোনোৱে লিখিছে প্ৰেমৰ কবিতা।নাহৰ ফুলা দেখি হয়তো কোনোৱে গাইছে গীত। আকাশ শুৱনি কৰি ফুলি উঠা নাহৰ ফুলৰ সৌন্দৰ্যৰ এই নৈসৰ্গিক ৰূপে এতিয়া প্ৰকৃতিপ্ৰেমীৰ মন জুৰাই পেলাইছে।মানসিক ক্লান্তি দূৰ কৰি প্ৰকৃতিৰ এই মনোৰম দৃশ্যই প্ৰশান্তি কঢ়িয়াইছে বহুতৰে মনলৈ।নাহৰৰ নিৰিবিলি ছাঁত জিৰাই চ’তে বহাগ আনিছে আদৰি।ৰাজ্যজুৰি ঢোলৰ গুমগুমণিত ঢেঁকীৰ শব্দত ,মাকোৰ খিতখিতনিত ৰঙালী আহি পালেহি।
প্ৰেৰক পুলকজ্যোতি বৰা