নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ জয়ৰ বাবে পাকিস্তানে পঠিয়াব ‘সেনা বাহিনী’

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ এবোটাবাদ৷ উগ্রপন্থী সংগঠন আল কায়দাৰ প্রাক্তন নেতা প্রয়াত ওছামা বিন লাডেনৰ জীৱনৰ শেষৰ কেইটামান দিন পশ্চিম পাকিস্তানৰ এই চহৰখনতে কটাইছিল৷ এতিয়া পাকিস্তান ক্রিকেট দলে এই এবোটাবাদত থকা আর্মী স্কুলত অনুশীলন কৰি আছে৷ বিগত বছৰ এছিয়া কাপ, এদিনীয়া বিশ্বকাপত পাকিস্তানে সফলতা লাভ কৰা নাছিল৷ গতিকে পাকিস্তান ক্রিকেট ব’র্ডে বাবৰ আজম বাহিনীক আগন্তুক টি–২০ বিশ্বকাপৰ পূর্বে সাজু কৰিবলৈ আর্মী স্কুললৈ প্রেৰণ কৰিছে৷ পাকিস্তানৰ ক্রিকেটাৰসকলক সেনাৰ শাৰীৰিক আৰু মানসিক ক্ষমতা বৃদ্ধিৰ বাবে দিয়া সকলো প্রশিক্ষণ দিয়া হৈছে৷ পাহাৰ বগাই, নির্দিষ্ট দূৰত্বলৈ গধুৰ শিল কঢ়িয়াই নিয়া, ওখ প্লেটফর্ম বগোৱাকে ধৰি পাকিস্তানী ক্রিকেটাৰসকলৰ বাবে বিভিন্ন প্রশিক্ষণ চলি আছে৷ পাক সেনাৰ প্রশিক্ষকসকলে সদায় তীক্ষ্ণ দৃষ্টি ৰাখিছে ক্রিকেটাৰসকলৰ ওপৰত৷ কিছুদিন পূর্বে ক্রিকেটলৈ ঘূৰি অহা প্রাক্তন ক্রিকেটাৰ মহম্মদ আমীৰকো আর্মী স্কুললৈ প্রেৰণ কৰা হৈছে৷ পাকিস্তান ক্রিকেট ব’র্ডে এবোটাবাদৰ আর্মী স্কুলত ক্রিকেটাৰসকলৰ প্রশিক্ষণৰ ভিডি’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে৷ ছ’চিয়েল মিডিয়াত প্রকাশ কৰা এটা ভিডিঅ’ত হৰিশ ৰৌফে কয় যে তেওঁ দুই সপ্তাহৰ পিছত বলিং অনুশীলন আৰম্ভ কৰিব৷ পিচিবিৰ অধ্যক্ষ মহছিন নাকভীয়ে কয় যে আমাৰ ক্রিকেটাৰসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে পাকিস্তান সেনাক অভিনন্দন৷ ক্রিকেটাৰসকলৰ শাৰীৰিক ক্ষমতাৰ মান বহু পৰিমাণে বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ তাতকৈ ডাঙৰ কথাটো হ’ল খেলুৱৈসকলৰ মাজত অনুশাসনৰ ভাবৰ সৃষ্টি হ’ব৷ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ মাটিত নতুন প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ পূর্বে ক্রিকেটাৰসকল সম্পূর্ণ প্রস্তুত হ’ব৷ পিচিবিৰ অধ্যক্ষ বাবৰ বাহিনীক আর্মী স্কুললৈ পঠিয়াবলৈ পাই সুখী যদিও এই কার্যত বহু ক্রিকেটাৰে অসন্তুষ্টি প্রকাশ কৰিছে৷ ক্রিকেটৰ অনুশীলনৰ পৰিৱর্তে ২২ গজৰ যুঁজত সামৰিক প্রশিক্ষণ কিমান উপযোগী হ’ব তাক লৈ সন্দেহ প্রকাশ কৰিছে৷

You might also like