নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া কলেজত জুমি গগৈৰ উপন্যাস ৰাগিণী উন্মোচন

বিশেষ বাৰ্তা, ২১ ডিচেম্বৰ : নাহৰকটীয়া মহাবিদ্যালয়ৰ আলোচনা কক্ষত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এখনি উপন্যাস আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। নাহৰকটীয়া মহাবিদ্যালয়ৰ পটভূমিত ৰচিত তথা মহাবিদ্যালয় খনৰে প্ৰাক্তন ছাত্ৰী জুমি গগৈয়ে লিখি উলিওৱা এই উপন্যাস খনৰ নাম হল “ৰাগিণী”। উল্লেখযোগ্য যে বনলতাই প্ৰকাশ কৰি উলিওৱা উপন্যাসখন আজি মহাবিদ্যালয়খনৰ অসমীয়া বিভাগে আয়োজন কৰা এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে। নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰশাসনিক বিষয়া ডঃ স্মৃতিৰেখা গগৈ গায়ন, অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক দিগন্ত খনিকৰ, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাস, মহাবিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক প্ৰাঞ্জল কুমাৰ বৰদলৈ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ অভিভাৱক সদস্য গোলাপ বড়া, লেখিকা জুমি গগৈৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ আদিকে ধৰি বহুসংখ্যক সাহিত্যনুৰাগী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত উপন্যাসখন উন্মোচন কৰি প্ৰদান কৰা বক্তব্যত ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ ৭০ বছৰীয়া ইতিহাসত মহাবিদ্যালয়খনৰ প্ৰেক্ষাপটত প্ৰথমবাৰৰ বাবে উপন্যাস প্ৰকাশ কৰাৰ বাবে লেখিকা জুমি গগৈক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ প্ৰকাশভংগী আৰু কাহিনীৰ সাৱলীল উপস্থাপনে সকলো পঢ়ুৱৈৰ মাজত উপন্যাসখনে সমাদৰ লাভ কৰিবলৈ সক্ষম হব বুলি আশাপ্ৰকাশ কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like