বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : নলবাৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত হিচাপে কৰ্মৰত এগৰাকী অতি কৰ্মদক্ষ, অমায়িক আৰু সৰবৰহী ব্যক্তি হিচাপে পৰিচিত বিষয়া ডাঃ বেদাংগ তালুকদাৰে কালি গুৰুতৰ যকৃত ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন অৱস্থাতে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাই জিলা আয়ুক্ত কাৰ্যালয়ত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত প্ৰশাসনিক বিষয়াগৰাকীৰ বয়স হৈছিল ৪৬ বছৰ। প্ৰশাসনিক বিষয়া গৰাকীৰ অতি দুৰ্ভাগ্যজনক আৰু অকাল মৃত্যুত আজি নলবাৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীসহ নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই জিলা প্ৰশাসনৰ তৰফৰ পৰা শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয় সকললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে। সেই সূত্ৰে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন শোক সভাও অনুষ্ঠিত কৰা হয় আৰু বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি দুই মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। শোক সভাখনত ডাঃ তালুকদাৰ আৰু তেওঁৰ সমৰ্পিত সেৱাৰ মনোভাৱ, উষ্ণ ব্যক্তিত্ব আৰু সহকৰ্মী তথা অধীনস্থ কৰ্মচাৰীৰ প্ৰতি পোষণ কৰা সহানুভূতিশীল ব্যৱহাৰৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব বুলি প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীয়ে নিজৰ মত ব্যক্ত কৰে।লগতে জিলাখনত ডাঃ তালুকদাৰে আগবঢ়োৱা অক্লান্ত সেৱা আৰু অনন্য অৱদানৰ বাবে শ্ৰদ্ধাৰে সোঁৱৰন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰসহ অনেক আত্মীয়-কুটুম্বক এৰি যায়।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন