নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰ সমিতিৰ নতুন কাৰ্যনিৰ্বাহ সমিতি গঠন কৰিবলৈ নলবাৰীত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। উল্লেখ্য যে নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰ পৰিচালনা সমিতিৰ গঠন কৰিবলৈ ২৭গৰাকী কাৰ্যনিৰ্বাহ সদস্যক আজীৱন সদস্য আৰু সাধাৰণ সদস্যই বেলট কাকতৰ দ্বাৰা সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত কৰে। এই বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হৰিমন্দিৰ কাৰ্যনিৰ্বাহ সমিতিৰ সভাপতি হিচাপে ইতিমধ্যে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাধাৰণ সম্পাদক হিচাপে নলিনী কান্ত শীল বিনাপ্ৰতিদ্বণ্ডিতাৰে নিৰ্বাচিত হৈছে। আনহাতে মহিলা সংৰক্ষিত আসনত নমিতা ভট্টাচাৰ্য আৰু নীৰা বৰুৱা নিৰ্বাচিত হৈছে। নলবাৰী জিলা প্ৰশাসনৰ পৰিচালনাত ২৯ অক্টোবৰত নলবাৰী হৰিমন্দিৰ প্ৰাঙ্গণত সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে হৰিমন্দিৰৰ ২৩৫৬গৰাকী আজীৱন সভ্য আৰু সাধাৰণ সদস্যই ভোটাধিকাৰ প্ৰদান কৰি ২৩গৰাকী কাৰ্যনিৰ্বাহ সদস্য নিৰ্বাচিত কৰিব। এই প্ৰতিদ্বন্দিতাত নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত সমাজকৰ্মী, নলবাৰীৰ বিভিন্ন মন্দিৰৰ লগত জড়িত সেৱকসকল, সাংস্কৃতিক কৰ্মী, সাংবাদিক, ছাত্ৰ নেতা, পূৰ্বৰ কাৰ্যনিৰ্বাহ সদস্যসহ ৮২গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াই ২৩৫৬গৰাকী ভোটাৰক নিজৰ পক্ষত ভোট দিবলৈ ব্যাপক নিৰ্বচনী তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।
প্ৰেৰক বীৰেন কলিতা