নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমৰ গুৰিত অচেতন হৈ পৰা মাতাল দৰাৰ ৰূপ দেখি কইনাই ক’লে- ‘মই  বিয়াত নবহোঁ’

  • নলবাৰীৰ এখন বিয়াকলৈ চলিছে ব্যাপক চৰ্চা
  • অৱশেষত কইনা নোহোৱাকৈ উভতিল দৰা
  • ৰভাতলিত উপস্থিত  হ’বলগীয়া হ’ল আৰক্ষী 

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই হোমৰ গুৰিত সুৰাই লগালে অথন্তৰ ৷ এইখন অমসতেই সুৰাৰ বাবেই ভাগিল এখন বিয়া। নলবাৰীৰ এই বিয়াখনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত চলিছে। বিশেষকৈ চ’চিয়েল মিডিয়াত বিভিন্ন লোকৰ মন্তব্যৰে চ’চিয়েল মেডিয়া ভৰি পৰে। হোমৰ গুৰিতেই অস্থিৰ অচেতন হৈ পৰা দৰাক লৈ কালি নিশাৰে পৰা সমগ্ৰ নলবাৰী জিলাতেই চৰ্চিত হৈছে। নলবাৰী জিলাৰ বৰখনাজানত আছিল এইখন বিয়া। দৰা আছিল নলবাৰীৰ গোপালবজাৰৰ। পিছে হোমৰ গুৰিত দৰাৰ অৱস্থা দেখি বিয়া নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো কইনাই ৷

উল্লেখ্য যে গোপাল বজাৰৰ হৰেণ হালৈৰ পুত্ৰ প্ৰসেনজিত দৰা হৈ গৈছিল বৰখনাজানত  বিবাহ কৰাবলৈ। কইনা ঘৰৰ চোতালত নিশা দৰা পাৰ্টি উপস্থিত হয়। কিন্তু সুৰামত্ত দৰা হোমৰ গুৰিতে বাৰে বাৰে পৰে বাগৰি। অভিযোগ মতে দৰাৰ পিতৃও সুৰাসক্ত হৈ আছিল। হোমৰ গুৰিতেই কইনাৰ সন্মুখতেই দৰা অচেতন হৈ পৰা দৃশ্য দেখি কইনা আৰু কইনাঘৰৰ পৰিয়ালে অতীস্থ হৈ পৰে। পিছত কইনাই ৰভাতলীতেই  মই  বিয়াত নবহোঁ বুলি ঘোষণা কৰিবলৈ বাধ্য হৈ পৰে।

কইনাৰ সিদ্ধান্তৰ পাচতেই গাঁওবুঢ়াক মাতি ৰভা থলিতে অনুষ্ঠিত কৰা হ’ল ৰাজহুৱা সভা ৷ লগতে উপস্থিত হ’ল নলবাৰী আৰক্ষী ৷ অৱশেষত সকলোৰে উপস্থিতিত বিবাহ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ৷ ইফালে কইনাৰ পৰিয়ালে এতিয়া বিচাৰিছে উচিত ন্যায় ৷

You might also like