নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী মেডিকেল কলেজত আকস্মিক পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ২৪ জুলাই : জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী মেডিকেল কলেজত আকস্মিক পৰিদর্শনেৰে কাম-কাজৰ পর্যবেক্ষণ কৰাৰ লগতে ৰোগীৰ অভাৱ-অভিযোগৰো বুজ লয়।একেবাৰে নতুনকৈ স্থাপন হোৱা হাস্পতাল হিচাপে নলবাৰী মেডিকেল কলেজৰ OPD -কে আদি কৰি সকলোবোৰ ব্যৱস্থা পৰ্যবেক্ষণ মন্ত্ৰী বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বৰুৱাই কয় যে সকলোবোৰ কাম সুকলমে হৈ গ’লে নলবাৰী মেডিকেল কলেজ অসমৰ এখন আগশাৰীৰ মেডিকেল কলেজৰূপে পৰিগণিত হ’ব বুলি তেওঁ আশাবাদী। ডাক্তৰ আৰু নাৰ্ছৰ উপস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো ৱাৰ্ডতেই প্ৰয়োজনীয় ডাক্তৰ-নাৰ্ছৰ উপস্থিতি আছে। তদুপৰি ৰোগীসকলেও মেডিকেল কলেজখনত উপলব্ধ সা-সুবিধাক লৈ সুখী বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। তেওঁ লগতে উল্লেখ কৰে- “মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত এই মেডিকেল কলেজখনে নলবাৰী জিলা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক অতি দক্ষতাৰে সেৱা আগবঢ়াব পাৰিব।”

You might also like