নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ হেঙেৰাবাৰীত ৰহস্যজনক অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ২৪ জুলাই : ৰাজধানীৰ মাজমজিয়াৰ হেঙেৰাবাৰীত সোমবাৰে পুৱতি নিশা এক ৰহস্যজনক অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাত চাৰিখন দুচকীয়া বাহন জ্বলি ছাই হয়। ঘটনাৰ বিৱৰণী অনুসৰি, লিচুবাগানৰ পাহাৰৰ শিখৰত নিৰ্মীয়মাণ জিএমডিএৰ পানী টেংকিৰ চৌহদত স্থানীয় বহু লোকে পাৰ্কিং কৰে নিজৰ দুচকীয়া আৰু চাৰিচকীয়া বাহন । পাহাৰীয়া খলা-বমা বাটেৰে নিজৰ ঘৰলৈ নিব নোৱাৰাৰ বাবেই বাহনসমূহ পথৰ দাঁতিত বা লিচুবাগান পানী টেংকিৰ চৌহদত পাৰ্কিং কৰে । আনদিনাৰ দৰে দেওবাৰে নিশাও স্থানীয় লোকসকলে পানী টেংকিৰ চৌহদত পাৰ্কিং কৰি ৰাখিছিল নিজৰ বাহনসমূহ । কিন্তু পুৱতি নিশা প্ৰায় দুই বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ইয়াৰে কোনো এখন বাহনত । জুইৰ লেলিহান শিখাই নিমিষতে পুৰি ছাই কৰে ইয়াৰে চাৰিখন দুচকীয়া বাহন । অৱশ্যে স্থানীয় একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে কাষতে থকা আন বহু বাহন । বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা দিছপুৰ থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । অৱশ্যে এই পৰ্যন্ত দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে । স্থানীয় লোকে কৰা অভিযোগ অনুসৰি, পানী টেংকিটোত কোনো পহৰাৰ ব্যৱস্থা নাই জিএমডিএৰ ফালৰ পৰা । তদুপৰি স্থানীয় দিছপুৰ থানাৰো কোনো কাণসাৰ নাই অপৰাধীৰ ৰম্যপুৰীত পৰিণত হোৱা ঠাইডোখৰৰ প্ৰতি । সেয়ে দিনে-নিশাই মদ-ভাং-ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ আড্ডাস্থলীত পৰিণত হৈছে এই পানী টেংকি ।

You might also like