নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা নলবাৰী মেডিকেল কলেজৰ নতুন শিক্ষাবৰ্ষ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : কাইলৈৰ পৰা আৰম্ভ হ’ব নলবাৰী মেডিকেল কলেজৰ নতুন শিক্ষা বৰ্ষ। নতুন ছাত্র ছাত্ৰীক আদৰিবলৈ নলবাৰী মেডিকেল কলেজ কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত দক্ষিণগাঁওস্থিত প্ৰায় ১২০ বিঘা ভূমিত নিৰ্মাণ কৰা নতুন নলবাৰী মেডিকেল কলেজখন যোৱা ১৪ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী উদ্বোধন কৰিছিল। আনহাতে যোৱা ৭ আগষ্টত আনুষ্ঠানিকভাৱে নামভৰ্তিৰ কাম আৰম্ভ হোৱাৰ পিছত অহা ৩০ চেপ্টেম্বৰলৈ নাম ভৰ্তি চলি থাকিব বুলিও জানিব দিছে মেডিকেল কলেজ কৰ্তৃপক্ষই। ১০০খন আসন বিশিষ্ট চিকিৎসা মহাবিদ্যালয় খনত ইতিমধ্যে ৮৯জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ- ছাত্ৰীয়ে নামভৰ্ত্তি কৰিছে বুলি মেডিকেল কলেজখনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক বাবুল কুমাৰ বেজবৰুৱাই “নিয়মীয়া বাৰ্তা”ক জানিবলৈ দিয়ে। অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়ৰ ১১গৰাকী ছাত্র ছাত্ৰী এতিয়াও আহিবলৈ আছে। ইফালে ন ৰূপত সম্পূৰ্ণ সাজু শ্ৰেণী কোঠা, বিভিন্ন পৰীক্ষাগাৰ, পুথিভড়াঁল, ছাত্র- ছাত্ৰী নিবাসৰ উপৰি অন্যান্য সা সুবিধাসমুহ। ১ চেপ্টেম্বৰৰ পুৱা ১০ বজাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপৰি কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উৰ্ধতন বিষয়া, বিশিষ্ট চিকিৎসক সকল, বিশিষ্ট অতিথি সকলৰ উপস্থিতিত আনুষ্ঠানিক ভাবে নতুন শিক্ষা বৰ্ষ আৰম্ভ কৰিব চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই। সিদিনাই নতুন ছাত্র ছাত্রী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ মাজত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হব বুলিও চিকিৎসা মহাবিদ্যালয় খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে সম্পূৰ্ণ গ্ৰামাঞ্চলত চিকিৎসা মহাবিদ্যালয়খন স্থাপন হোৱা বাবে ছাত্ৰ ছাত্ৰী সকলে কিছু পৰিমাণে অসুবিধাৰ সম্মুখীন হব যদিও শান্ত নিৰিবিলি পৰিবেশ পাব। যিটো পৰিবেশ চিকিৎসা বিজ্ঞানৰ ছাত্র ছাত্ৰীৰ অধ্যয়নৰ বাবে অতি প্ৰয়োজনীয়। নিশা ১০ বজালৈ পুথিভঁৰাল সদায় খোলা থাকিব বুলিও জানিব পৰা গৈছে। ছাত্ৰ ছাত্ৰীৰ যিকোনো সমস্যা সমাধানৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষ সদায় সাজু থাকিব। আনহাতে এজন ছাত্র বা ছাত্ৰীয়ে চিকিৎসা অধ্যয়নৰ বাবে ওচৰৰ একোটা পৰিয়ালক তুলি লোৱা ব্যাৱস্থাটো সম্পূৰ্ণ হোৱা বুলিও জানিব দিয়ে নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ বাবুল কুমাৰ বেজবৰুৱাই। অৱশ্যে ৰাইজৰ সহায় সহযোগিতা নিত্যান্তই প্ৰয়োজন হব। সকলোৰে সহায় সহযোগ পালে ভৱিষ্যতে নলবাৰী চিকিৎসা মহাবিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হ’ব।
প্ৰেৰক বীৰেন কলিতা
You might also like