নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত শিক্ষয়িত্ৰীক শাৰীৰিক নিৰ্য্যাতন স্কুলৰে কৰ্মচাৰীৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বালিপৰাৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয়ৰ দুজন কৰ্মচাৰীৰ বিৰুদ্ধে বিদ্যালয়ত শাৰীৰিক মানসিক নিৰ্যাতন কৰাৰ গুৰুতৰ অভিযোগ অনাৰ লগতে অভিযুক্তৰ বিৰুদ্ধে থানাত এজাহাৰ দিবলগীয়া হোৱা কাৰ্যত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগকাৰী তথা ভূক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, বিদ্যালয়খনৰ দুগৰাকী কৰ্মচাৰীয়ে বহুদিনৰেপৰা শিক্ষয়িত্ৰীগৰাকীক বিভিন্ন সময়ত শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছে। একেদৰে বিদ্যালয়খনৰ কৰ্মচাৰী দুজনে বহু দিনৰে পৰা শিক্ষয়ত্ৰী গৰাকীক অশ্লীল ইংগিত দি অকলশৰে মাতি বিদ্যালয়তে তাইৰ শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰি অহাৰ লগতে বিভিন্ন অশ্লীল প্ৰস্তাৱ দি আহিছিল বুলিও অভিযোগকাৰীয়ে অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে বিদ্যালয়খনৰ সহঃ শিক্ষয়িত্ৰীগৰাকীক এনেদৰে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা কৰ্মচাৰী দুজন হৈছে বিদ্যালয়খনৰ উচ্চ বৰ্গৰ সহায়ক বসন্ত ভূঞা আৰু নিম্নবৰ্গৰ সহায়ক শিৱজ্যোতি ভৰালী। ভূক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে লগতে জনাইছে যে বসন্ত ভূঞা আৰু শিৱজ্যোতি ভৰালীয়ে এনে কৰ্মকাণ্ড কৰি অহাৰ খবৰ দুয়োজনৰ পৰিয়ালৰ লোককো দিছিল যদিও কামত নাহিল। বৰং অভিযুক্ত দুজনে সহকাৰী শিক্ষয়িত্ৰীগৰাকীক আমি বালিপৰাৰ মানুহ, বালিপৰাৰ মানুহক জোকাই নল’বি, ধাবাত অকলে চাহ খাব যোৱাৰ ইংগিতপূৰ্ণ প্ৰস্তাৱ দি কাৰোবাৰ ক’লে কথা বেয়া হ’ব ইত্যাদি বিভিন্ন ভাবুকি প্ৰদান কৰাৰো আন এক অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভূক্তভোগী সহকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে এনে দুষ্কাৰ্য সংঘটিত কৰা কৰ্মচাৰী দুজনৰ বিৰুদ্ধে চাৰিদুৱাৰ থানাত এজাহাৰ দাখিল কৰাৰ সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি শোণিতপুৰ জিলা আয়ুক্ত, সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগতে বিদ্যালয়ৰ পৰিদৰ্শকলৈ একোখনকৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে। উল্লেখ্য যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ থানাত 155/2023 নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ৰে পৰা দুয়োগৰাকী আভিযুক্ত বৰ্তমান সময়লৈকে পলাতক হৈ আছে । বালিপৰা অঞ্চলৰ এখন অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এনেদৰে দুজন কৰ্মচাৰীৰ কৰ্ম-কাণ্ড পোহৰলৈ অহাত সমগ্ৰ বালিপৰা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বালিপৰাৰ সচেতন ৰাইজৰ লগতে অভিযোগকাৰী শিক্ষয়িত্ৰীগৰাকীয়ে অভিযুক্ত দুজনক আৰক্ষীয়ে অনতিপলমে আটক কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like