ৰামায়ণৰ ৰাম-সীতাই উদ্বোধন কৰিলে নলবাৰী ৰাস মহোৎসৱ
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : সদ্ভাৱ, সম্প্ৰীতি আৰু সমন্বয়ৰে গঢ় লৈ উঠা ইতিহাস প্ৰসিদ্ধ নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰত সগৌৰৱেৰে উদযাপন কৰি অহা ৰাস মহোৎসৱৰ দ্বাৰ প্ৰতিবছৰৰ পবিত্ৰ শৰতৰ কাতি-আঘোন মাহৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ সন্ধিয়া মুকলি হোৱাৰ পিছতেই পৰম্পৰাগতভাৱে জাকজমকতাৰে উদযাপন কৰি অহা হৈছে ভগৱান শ্ৰীকৃষ্ঞৰ ৰাসলীলা। সমন্বয়, ঐতিহ্য আৰু কৃষ্ঞ সংস্কৃতিৰ প্ৰতিভু মহা মিলনৰ পূৰ্নতীৰ্থ নলবাৰীৰ হৰি মন্দিৰত আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সু-সংহতভাৱে আজি সন্ধিয়া চৈধ্য দিনীয়া ৯১ সংখ্যক ৰাস মহোৎসৱ মুকলি হ’ল। এই শৰতৰ মায়াময় নিশা,ফৰকাল বতৰত,শংখ-ঘন্টা-তাল-বৰকাঁহৰ শব্দৰ এক মাংগলিক পৰিবেশৰ মাজত পূৰ্বৰ ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ হোৱা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দূৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা শিল্পী ক্ৰমে অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই। ইয়াৰ পিছতেই ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভবেন্দ্ৰ নাথ ডেকাই। ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষন দিয়া অনুষ্ঠানত নলবাৰীৰ ৯১ সংখ্যক ৰাস মহোৎসৱ উদ্বোধন কৰি অৰুণ গোভিল,দিপীকা চিখলিয়াই ভাষনত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ বাখ্যা আগবঢ়ায়। ভক্তিমূলক বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ নাৰায়ন ডেকা,জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে মঞ্চত উপস্থিত থাকে ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি মদন মালাকৰ, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী। ইপিনে, স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে। আনহাতে, ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ প্ৰাকমুহূৰ্তত সন্ধিয়া নলবাৰীৰ গৰ্ডন খেলপথাৰৰ পৰা আৰম্ভ হোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰি অতিথিসকলক পুষ্পসজ্জিত বাহনত উঠাই হৰি মন্দিৰৰ ৰাস মহোৎসৱলৈ আদৰি অনা হয়। উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে নলবাৰীৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে। উদ্বোধনী অনুষ্ঠানৰ পিছতেই ৰাম-সীতা খ্যাত অৰুণ গোভিল, দীপিকা চিখলিয়া আৰু সংগীবৃন্দৰ দ্বাৰা ৰামায়ণৰ আধাৰত “শুনো ৰাম কথা” মঞ্চস্থ হয়। ইপিনে,১৪ দিনীয়াকৈ উদযাপিত ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি শ্ৰী শ্ৰী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰে নলবাৰী হৰি মন্দিৰ সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই। ইপিনে, পতাকা উত্তোলন স্থলীতেই বিশিষ্ট কন্ঠ শিল্পী সীমান্ত শ্বেখৰৰ সংগীত পৰিচালনাৰে আৰম্ভনী গীত পৰিৱেশন কৰা হয়। এই কাৰ্যসূচীৰ পিছতেই ৯১ সংখ্যক ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন মালাকৰকে ধৰি হৰি মন্দিৰ সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যকে ধৰি সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলে। শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে শ্বহীদ ধাৰেশ্বৰ কলিতাৰ সহধৰ্মিনী বিভা কলিতাই। স্মৃতি তৰ্পন কৰে শ্ৰীশ্ৰী হৰি মন্দিৰৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য জগদীশ জালানে। উল্লেখ্য যে, বিগত ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে উদযাপন কৰি অহা হৈছে নলবাৰী ৰাস মহোৎসৱ। নলবাৰীৰ পৱিত্ৰ হৰিমন্দিৰত উদযাপিত ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে মহাভাৰত, ৰামায়ণ, উপনিষদ, ভাগৱত, গীতা আদিৰ বিভিন্ন আখ্যান- উপাখ্যানৰ আধাৰত নিৰ্মিত মৃন্ময় মূৰ্তি। তদুপৰি ৰাস মহোৎসৱ উপলক্ষে আমন্ত্ৰিত ভ্ৰাম্যমাণ থিয়েটাৰ সমূহো ৰাসযাত্ৰীৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। বিভিন্ন জাতি-ধৰ্ম, বৰ্ণৰ দৰ্শনাৰ্থীৰ মিলনস্থলী হৈ পৰে নলবাৰী ৰাসথলী। এইবেলি ৯১ সংখ্যক ৰাস মহোৎসৱত বিভিন্ন ষ্টলত ভগৱান শ্ৰীকৃষ্ণ জন্মৰ পৰা মহাপ্ৰয়াণলৈ মৃন্ময় মূৰ্তিসমূহ ক্ৰমশঃ উপস্থাপন কৰা হ’ব। ইয়াৰ উপৰিও এইবাৰো স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস প্ৰদৰ্শনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।আনহাতে, নলবাৰী ৰাস মহোৎসৱত নলবাৰীৰ লোক শিল্প পুতলা নাচৰ দ্বাৰা ৰাস প্ৰদৰ্শন কৰা হব। গতিকে মৃন্ময় মুৰ্তিৰ ৰাস,জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসৰ সমাহাৰ ঘটিব। সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত ভগৱান শ্ৰী কৃষ্ঞৰ প্ৰতিভু ৰাস মহোৎসৱকলৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ১৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ৰাস উদযাপন কৰা হ’ব যদিও ২৮ নৱেম্বৰত সাংস্কৃতিক অনুষ্ঠানেৰে ৰাস মহোৎসৱৰ সামৰণি পৰিব। সামৰণী অনুষ্ঠানত কণ্ঠশিল্পী জয় বৰুৱাই গীত পৰিৱেশন কৰিব। আনহাতে, স্থানীয় শিল্পীৰ দ্বাৰা ২০ আৰু ২১ নৱেম্বৰত দুদিনীয়াকৈ জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হ’ব।ৰাসৰ দিনকেইটাত শিশু কৃষ্ণ প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বাঁহীবাদন প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা,ৰচনা প্ৰতিযোগিতা, মুকলি কুইজ প্ৰতিযোগিতা, গীতা শ্লোক পাঠ,শংখধ্বনি প্ৰতিযোগিতা,লোকগীত, বৰগীত, উৰুলী, ৰাভা, জ্যোতি,ভূপেন্দ্ৰ সংগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।ৰাস মহোৎসৱ উপলক্ষে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব গ্ৰন্থমেলা। প্ৰায় ৫৫টা মৃন্ময় মূৰ্তিৰ ষ্টল থাকিব। ইয়াৰে ১০টা ষ্টলত বৈদ্যুতিক কাৰুকাৰ্য থাকিব।
■ ১০খন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট
বিগত বৰ্ষসমূহৰ দৰে এইবেলিও নলবাৰী ৰাস মহোৎসৱত চলিব ভ্ৰাম্যমাণ থিয়েটাৰৰ অঘোষিত নাট্য যুদ্ধ। এইবেলি নলবাৰী ৰাসত মুঠ ১০খন ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট। সেই মৰ্মে ২১ আৰু ২২ নৱেম্বৰত লখিমী পথাৰত বৰদৈচিলা থিয়েটাৰে, ২৩,২৪,২৫ আৰু ২৬ নৱেম্বৰত ৰাজলক্ষ্মী থিয়েটাৰ, ২২,২৩,২৪,২৫ আৰু ২৬ নৱেম্বৰত ৰাজতিলক থিয়েটাৰ, ২৩,২৪,২৫,২৬ আৰু ২৭ নৱেম্বৰত ৰাজমুকুট থিয়েটাৰ, ২৩,২৪,২৫ আৰু ২৬ নৱেম্বৰত বৃন্দাবন থিয়েটাৰ, ২৪,২৫,২৬ আৰু ২৭ নৱেম্বৰত থিয়েটাৰ সূৰ্য আৰু ২৩, ২৪, ২৫, ২৬ আৰু ২৭ নৱেম্বৰত দৌলখলা (গৰুবজাৰ) ত ইতিহাস থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব|ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ সমীপত ২১,২২ আৰু ২৩ নৱেম্বৰত কলাগুৰু থিয়েটাৰ, ২৪,২৫,২৬ আৰু ২৭ নৱেম্বৰত ৰাজধানী থিয়েটাৰ,২৫,২৬ আৰু ২৭ নৱেম্বৰত হেঙুল থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। আনহাতে ৰাস মহোৎসৱত ভক্ত দৰ্শনাৰ্থীৰ উপস্থিতি কামনা কৰিছে হৰিমন্দিৰ সমিতি তথা ৯১ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱা,কাৰ্যকৰী সভাপতি মদন মালাকৰ, হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীল, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীয়ে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন