আৰএছএছৰ উদ্যোগত নলবাৰী মেডিকেল কলেজত কুৰিজনৰ ৰক্তদান
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ আজি ৰাখীবন্ধন উপলক্ষে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িগাঁও (দক্ষিণগাঁও)স্থিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ২০জন যুৱকে স্বেচ্ছাই ৰক্তদান কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ঘগ্ৰাপাৰ খণ্ডৰ অন্তৰ্গত দতৰা মণ্ডলৰ উদ্যোগত এই ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ৰক্তদান কাৰ্যসূচীত উপস্থিত থাকে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ বাবুল কুমাৰ বেজবৰুৱা, অধীক্ষক ডাঃ মাধৱ ৰাজবংশী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভাগ ব্যৱস্থা প্ৰমুখ পংকজ বুজৰবৰুৱা, খণ্ড কাৰ্যবাহ দীপাংকৰ ৰাজবংশীকে ধৰি কেইবাগৰাকী চিকিৎসক-নাৰ্ছ।আনহাতে উক্ত ৰক্তদান কাৰ্যসূচী চলাই ৰখাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰফৰ পৰা প্ৰতি মাহত দহজন সেৱকে ৰক্তদান কৰিব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভাগ ব্যৱস্থা প্ৰমুখ পংকজ বুজৰবৰুৱাই জানিবলৈ দিয়ে। আনহাতে ৰাখীবন্ধন উপলক্ষে নলবাৰী মেডিকেল কলেজ হাস্পতালত কৰ্মৰত নাৰ্ছসকলক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তাসকলে ৰাখী পিন্ধায়।
প্ৰেৰক বীৰেন কলিতা