নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰত বটলেৰে মৰিয়াই চাৰি বন্ধুৱে হ*ত্যা কৰিছিল নম্রতাক

🔹 আদ্যশ্রাদ্ধৰ দিনাই পিতৃৰ বিস্ফোৰক অভিযোগ

বিশেষ বার্তা, ১৫ জুন : মেঘালয়ৰ নংপোত যোৱা ৪ জুনত নিহত হোৱা অধিবক্তা নম্রতা বৰাক হত্যা কৰা হৈছিল৷ ৪ বন্ধুৱে বটলেৰে মূৰত মৰিয়াই নম্রতাক হত্যা কৰিছিল৷ দুর্ভগীয়া নম্রতাৰ আদ্যশ্রাদ্ধৰ দিনাই কালি এই বিস্ফোৰক অভিযোগ তুলিলে পিতৃ ৰমেন কুমাৰ বৰাই৷ সাংবাদিকৰ আগত পিতৃৰ স্পষ্ট অভিযোগ– ছোৱালীজনীয়ে মূৰত যথেষ্ট আঘাত পাইছিল৷ কিন্তু এয়া দুর্ঘটনা নহয়, হত্যাকাণ্ডহে৷ তাইক মূৰত বটলেৰে বা চোকা অস্ত্রৰে মাৰি হত্যা কৰিছিল ৪ বন্ধুৱে৷

উল্লেখ্য যে নম্রতা বৰাৰ মৃত্যুক লৈ চলি থকা চর্চাৰ মাজতে কালি বোকাখাতৰ কমাৰগাঁও অঞ্চলৰ ধোদাং গাঁৱৰ বাসগৃহত পৰিয়ালে আয়োজন কৰে আদ্যশ্রাদ্ধ৷ পিতৃ ৰমেন কুমাৰ বৰাই নিজৰ কন্যাৰ মৃত্যুক লৈ কালিও দুখ প্রকাশ কৰি কয় যে এই ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্তৰ জৰিয়তে দোষীক শাস্তি দিব লাগে৷ নম্রতাৰ লগত উক্ত দিনা গাড়ীত থকা ৪ বন্ধু ক্রমে প্রজ্ঞা, মৃগাংক, গায়ত্রী আৰু আনায়াতুলে নম্রতাক হত্যা কৰিছে৷

উল্লেখ্য যে কালি নম্রতা বৰাৰ আদ্যশ্রাদ্ধ উপলক্ষে তেওঁৰ বাসগৃহত উপস্থিত হয় স্থানীয় বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰা৷ মন্ত্রীগৰাকীয়ে নম্রতা বৰাৰ পিতৃক সাক্ষাৎ কৰি এই দুর্ঘটনাৰ ক্ষিপ্রগতিত তদন্ত আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে৷ তদুপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মেঘালয় চৰকাৰৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্রহণ কৰা বুলিও পিতৃক অৱগত কৰে মন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে স্থানীয় বিধায়ক তথা মন্ত্রী অতুল বৰাই নম্রতা বৰা দুর্ঘটনাত পতিত হোৱাৰ পিছৰে পৰা সঘনাই যোগাযোগ ৰাখিছে পৰিয়ালটোৰ সৈতে৷ কালি আদ্যশ্রাদ্ধৰ দিনা উপস্থিত হৈ মন্ত্রীগৰাকীয়ে পৰিয়ালটোক তথা পিতৃ ৰমেন বৰাক অনাগত দিনত সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব বুলি প্রতিশ্রুতি দিয়ে৷

You might also like