মানৱ দেহলৈ ভাবুকি কঢ়িয়াইছে নেনো প্লাষ্টিকে
কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষণাৰ প্রতিবেদনত উদ্বেগজনক তথ্য
১ লিটাৰৰ পানীৰ বটলত ২,৪০,০০০ প্লাষ্টিকৰ ক্ষুদ্র টুকুৰা থাকে
বাৰ্তা ডিজিটেল ডেস্ক, ১০ জানুৱাৰীঃ প্লাষ্টিক প্রদূষণে পৃথিৱীৰ পাৰিপার্শ্বিকতাৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱাৰ সমান্তৰালকৈ মানৱ স্বাস্থ্যলৈও অশনি সংকেট কঢ়িয়াই আছে বুলি ইতিমধ্যে গৱেষণাত প্রকাশ পাইছে৷ পানী খোৱা প্লাষ্টিকৰ বটল কিমান ভয়াৱহ হ’ব পাৰে, এই তথ্য বিভিন্ন সময়ত প্রকাশ পাই আহিছে যদিও শেহতীয়া গৱেষণাত উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ এক লিটাৰৰ প্লাষ্টিকৰ পানীৰ বটল এটাত থকা প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰাই মানৱ দেহৰ অংগৰ ক্ষতি কৰাৰ লগতে বিভিন্ন অংগত কর্কট ৰোগৰ কাৰক হোৱাৰ তথ্য প্রকাশ পাইছে৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ দল এটাই চলোৱা গৱেষণাৰ প্রতিবেদনত এক লিটাৰ পানীৰ বটল এটাত ২,৪০,০০০ প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰাৰ সন্ধান পোৱা বুলি প্রকাশ কৰিছে৷ নেচনেল একাডেমী অৱ ছায়েঞ্চৰ জার্নেল প্রচিডিংছত প্রকাশ পোৱা গৱেষণাৰ প্রতিবেদন মতে, এক লিটাৰৰ পানীৰ বটলত থকা ২,৪০,০০০ প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰাই মানৱ দেহৰ বিভিন্ন অংগত নেতিবাচক প্রভাৱ পেলায়৷ বিভিন্ন গৱেষণাত ধৰা নপৰা বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ ক্ষুদ্রতম টুকুৰা কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষণাত ধৰা পৰিছে৷ সেই গৱেষণা অনুসৰি প্লাষ্টিকৰ টুকুৰা মানৱ দেহৰ কোষত প্রৱেশ কৰে৷ মানুহৰ তেজৰ সৰবৰাহত এই প্লাষ্টিকৰ টুকুৰা বিভিন্ন অংগলৈ যায়৷ প্লাষ্টিকৰ এই টুকুৰাই যকৃৎ, বৃক্ককে ধৰি শৰীৰৰ বিভিন্ন অংগত নেতিবাচক প্রভাৱ পেলায়৷ অর্থাৎ যকৃৎ, বৃক্ক আদি অংগৰ ক্ষতি হয়৷ তেনেদৰে মূত্রাশয়কে ধৰি বিভিন্ন অংগত কর্কট ৰোগৰ কাৰক হৈ পৰে৷ প্লাষ্টিকৰ বটলত থকা অসংখ্য টুকুৰাৰ তথ্য ইয়াৰ পূর্বৰ গৱেষণাত চিনাক্ত হোৱা নাছিল যদিও প্লাষ্টিকৰ বটলত পানী খালে মানৱ দেহত নেতিবাচক প্রভাৱ পেলোৱাটো নিশ্চিত আছিল৷ কিন্তু শেহতীয়া গৱেষণাই নেনো প্লাষ্টিকে মানৱ দেহত ভয়াৱহ ক্ষতি কৰে বুলি নিশ্চিত কৰা হৈছে৷ প্রতিবেদনত প্রকাশ কৰা মতে, পানীৰ বটলত থকা নেনো প্লাষ্টিক হৈছে এক মাইক্র’মিটাৰৰ তলত৷ ই হৈছে মানুহৰ চুলিতকৈ এক চর্তুৰাংশতকৈও ক্ষুদ্র৷ এনে ক্ষুদ্র প্লাষ্টিকৰ টুকুৰা মানুহৰ কোষত, মানুহৰ তেজত প্রৱেশ কৰি শৰীৰৰ অংগ–প্রত্যংগৰ ক্ষতিসাধন কৰি আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্রত ব্রেণ্ড পানী কোম্পানীৰ বটলত গৱেষণা চলাই কলম্বিয়া বিশ্ববিদ্যালয়ৰ বাবে এই তথ্য জার্নেল প্রচিডিংছত প্রকাশ কৰিছে৷ অৱশ্যে কোনকেইটা কোম্পানীৰ পানীৰ বটল গৱেষণাৰ অংশ হিচাপে লৈছিল সেয়া প্রকাশ কৰা নাই৷ প্রতি লিটাৰ পানীৰ বটলত ১,১০,০০০ৰ পৰা ৩,৭০,০০০লৈকে ক্ষুদ্রতম প্লাষ্টিকৰ টুকুৰা ধৰা পেলাইছে৷ ইয়াৰে ৯০ শতাংশই নেনো প্লাষ্টিক৷ গৱেষণাৰ প্রতিবেদনে প্লাষ্টিক প্রদূষণৰ আন এক ভয়াৱহতাই মানৱ জাতিৰ অস্তিত্বৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ ইংগিত দিছে বুলিও প্রকাশ কৰিছে৷