নাৰায়ণ ডেকা বিনাপ্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত
নলবাৰী জিলাৰ মুকালমুৱাত ৫০ বছৰত ভৰি দিয়া বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ সাধাৰণ সভাত আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সভাপতি হিচাপে পুনৰবাৰ বিধায়ক নাৰায়ণ ডেকা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।
উল্লেখ্য যে ১৯৭৭ চনত প্ৰয়াত সুৰেশ মহন্তক সভাপতি আৰু ৰমণী মোহন চৌধুৰীক সম্পাদক হিচাপে লৈ বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটি গঠন হোৱাৰ পিছত নিৰবিচ্ছিন্ন ভাৱে প্ৰতিবছৰে মুকালমুৱাত শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজাভাগ সমাপন হৈ আহিছে।
প্ৰায় ১২ শতাধিকৰো অধিক স্থায়ী সদস্য, পৃষ্ঠপোষক, শুভাকাংক্ষী থকা বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিয়ে আগন্তুক বৰ্ষত সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিবলৈ সাজু হৈছে।
গঠিত সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ কাৰ্যকৰী সভাপতি হিচাপে দিনেশ কলিতা আৰু জিতেন মহন্ত নিৰ্বাচিত হোৱাৰ বিপৰীতে নাৰায়ণ বৰ্মন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়। দুৰ্গা পূজা উপলক্ষে প্ৰতিবছৰে প্ৰকাশিত হৈ থকা বাৰ্ষিক মুখপত্ৰ শাৰদশ্ৰীৰ মুখ্য সম্পাদক আৰু সম্পাদক হিচাপে ক্ৰমে বাণীকান্ত মেধি আৰু পলাশ ডেকা নিৰ্বাচিত হয়।
উল্লেখ্য যে ৫০ বছৰত পদাৰ্পণ কৰা বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ বিষয়ববীয়া বাচনিৰ বাবে আজিলৈকে কোনো এটা পদতে নিৰ্বাচনত অনুষ্ঠিত হোৱা পৰিলক্ষিত হোৱা নাই।