নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিন চেতিয়াক মন্ত্ৰিত্ব প্ৰদানৰ দাবী সমষ্টিবাসীৰ

যোৱা ৯ এপ্ৰিলত অসমত হোৱা সাধাৰণ নিৰ্বাচনৰ যোৱা ৪ মেত ঘোষিত ফলাফলত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰঙ্কুশ সংখ্যাাগৰিষ্ঠতা লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল ৷

ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ দৰেই উজনিৰ ৮১ নং শদিয়া সমষ্টিটোতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বলিন চেতিয়াই বিৰোধী পক্ষৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাক একচল্লিশ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত পৰাভূত কৰি শদিয়া সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে জয়ী হবলৈ সক্ষম হয় ৷

উল্লেখ্য যে ২০০১ চনত প্ৰথমবাৰ শদিয়া সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা নিৰ্বাচনত অৱতৃৰ্ণ হৈ বলিন চেতিয়াই অসম গণ পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ হাতত পৰাভূত হৈছিল ৷ কিন্তু সেই পৰাজয়ক আৰ্শীবাদ হিচাপে লৈ পুনৰবাৰ ২০০৬ চনত  কংগ্ৰেছ দলৰ পৰা  নিৰ্বাচনত অৱতৃৰ্ণ হৈ জগদীশ ভূঞাক নিম্নতম ভোটৰ ব্যৱধানত পৰাভূত কৰি প্ৰথমবাৰৰ বাবে শদিয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷

২০০৬ চনত যি এবাৰ বিধায়ক হ’ল তাৰ পাছৰ পৰাই যেন শদিয়া সমষ্টিটো বিধায়ক বলিন চেতিয়াৰ বাবে একচেটিয়া হৈ পৰিল ৷ শদিয়া সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলৰ মাজত হোৱা ভোট বিভাজনৰ সুৰুঙাত প্ৰতিবাৰেই হেলাৰঙে সমষ্টিটোৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহা বলিন চেতিয়া ৰাজনৈতিক অংকত অতি পাকৈত ৷

দুটা কায্যকাল কংগ্ৰেছ দলৰ পৰা বিধায়ক হোৱাৰ অন্তত ৰাজ্যত বিজেপিৰ ঢৌ প্ৰবাহিত হয় ৷ ৰাজ্যৰ প্ৰতাপী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলত যোগদান কৰাত দাদা বিগ্ৰেডৰ অন্যতম সদস্য বলিন চেতিয়াইও বিজেপি দলত যোগদান কৰে আৰু ২০১৬ চনত বিজেপি দলৰ পৰা পুনৰ শদিয়া সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয় ৷

একেদৰেই ২০২১ চনতো বিৰোধীৰ ভোট বিভাজনৰ সুৰুঙাত হেলাৰঙে বিধায়ক হিচাপে জয়ী হবলৈ সক্ষম হয় ৷ সদ্য সমাপ্ত নিৰ্বাচনত বিৰোধী ঐক্য মিলিত হোৱাত বলিন চেতিয়াৰ দিছপুৰ যাত্ৰা মশৃণ নহব বুলি চৰ্চা চলিছিল যদিও ৰাজনৈতিক অংক কৰাত অতি পাকৈত চেতিয়াই সকলো বাধা হেলাৰঙে অতিক্ৰম কৰি সমষ্টিটোৰ পৰা পঞ্চমবাৰৰ বাবে পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হয় ৷

সমষ্টিটোৰ প্ৰতিজন লোকৰ বিপদৰ সময়ত কাষত থিয় দিয়া আৰু কৰ্মদক্ষ বিধায়ক বুলি স্বীকৃতি পোৱা বলিন চেতিয়াক এইবাৰ সমষ্টিবাসীয়ে কেৱল বিধায়ক হিচাপেই নহয় এজন দায়িত্বশীল মন্ত্ৰী হিচাপে চাবলৈ বিচাৰিছে৷ সমষ্টিটোত পঞ্চমবাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে সমষ্টিবাসীয়ে বিধায়ক বলিন চেতিয়াক মন্ত্ৰীত্ব দিবলৈ দাবী উৎথাপন কৰি আহিছে৷

এই বিষয়লৈ শদিয়া জিলা বিজেপিৰ যুৱ মৰ্চাই সামাজিক মাধ্যমতো প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক পাঁচবাৰৰ বিধায়ক বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আহি ১০২জন এন ডি এ বিধায়কৰ মাজৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মাক  বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈছে ৷

ড° হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈয়েই চাৰিগৰাকী মন্ত্ৰী ক্ৰমে অসম গণ পৰিষদ দলৰ পৰা অতুল বৰাক, আদিবাসী চাহ জনগোষ্ঠীৰ মাজৰ পৰা ৰামেশ্বৰ তেলি, মহিলাৰ মাজৰ অজন্তা নেওগ আৰু বড়ো ৰাজনীতিৰ পৰা চৰণ বড়োক মন্ত্ৰীত্ব দি বিভিন্ন বিভাগ চমজাই দিছে ৷

বাকী থকা মন্ত্ৰী পদ সমূহ জুন মাহৰ ভিতৰত পূৰণ কৰিব বুলি সামাজিক মাধ্যমত চৰ্চিত হৈছে ৷ মন্ত্ৰী সভা বদ্বিত কৰিবলৈ যাওঁতেই উজনিৰ শদিয়া সমষ্টিৰ পৰা পাঁচবাৰকৈ নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিবলৈ শদিয়া সমষ্টিবাসীয়ে দাবী জনাইছে৷

শদিয়া সমষ্টিবাসীয়ে ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীক পাঁচবাৰকৈ নিৰ্বাচিত হোৱা বিধায়ক বলিন চেতিয়াক মন্ত্ৰীত্ব দিবলৈ দাবী জনাই মন্ত্ৰীৰ ৰূপত চাবলৈকে বিধায়ক গৰাকীক বিপুল ভোটত জয়ী কৰোৱা বুলিও বিজেপিৰ দলীয় কৰ্মীয়ে মন্তব্য কৰা শুনিবলৈ পোৱা গৈছে।

১০২জন বিধায়কৰ ভিতৰত জাতি-জনগোষ্ঠী, সংখ্যাগুৰু, সংখ্যালঘু আদিৰ মাজত মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ যাওঁতে উজনি অসমৰ শেষৰটো বিধানসভা সমষ্টি শদিয়াৰ বিধায়ক বলিন চেতিয়াই  মন্ত্ৰীত্ব লাভ কৰে নে নকৰে সেইয়া সময়ত হে জানিব পৰা যাব ।

নিয়মীয়া বাৰ্তা, ছৈখোৱা ২১ মে’

You might also like