বাৰ্তা ব্যুৰ, ২৬ জুনঃ ড্ৰাগছৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি গোৱালপাৰা আৰক্ষীয়ে ১২ কোটি ৪৩ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰে ৷ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী ৰাঙাগড়াত থকা ফায়াৰিং ৰেঞ্জত এই দাহন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ড্ৰাগছৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰা আৰক্ষীয়ে ড্ৰাগছবিৰোধী বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি জিলাখনৰ বিভিন্ন থানা এলেকাত বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা ১২ কোটি ৪৩ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী আদালতৰ অনুমতিসাপেক্ষে দাহ কৰা হয় । এই দাহ কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ লগতে বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ৷
প্ৰেৰক উদিত নাৰায়ণ কলিতা