নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ মাৰ্চঃ দেশৰ প্রথমগৰাকী প্রধানমন্ত্রীৰূপে কাইলৈ ৰাষ্ট্রীয় উদ্যান কাজিৰঙা ভ্রমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীৰ্ এই আগমনক লৈ আজি সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ অনুভব ব্যক্ত কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীৰ আগমনৰ সন্দর্ভত সামাজিক মাধ্যমত এইদৰে উল্লেখ কৰিছে– ১৯৫৭ চনৰ পিছত কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ভ্রমণ কৰা প্রথমগৰাকী প্রধানমন্ত্রী হিচাপে তেওঁ কাইলৈ উপভোগ কৰিব জন্তুৰ ৰম্যভূমি পক্ষীৰ কাকলিৰে মুখৰ কাজিৰঙাৰ নৈসর্গিক শোভা৷ অসমৰ সম্পদস্বৰূপ কাজিৰঙা গঁড়ৰ সর্ববৃহৎ আবাসভূমিৰূপে সমৃদ্ধ৷ ৬০০তকৈ অধিক প্রজাতিৰ চৰাই, শিহুৰ এক সমৃদ্ধ পৰিয়াল আৰু বাঘৰ অন্যতম সর্বাধিক ঘনত্বপূর্ণ এলেকা ৰাষ্ট্রীয় অভয়াৰণ্যখন৷