নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ আহিব নৰেন্দ্ৰ মোদীঃ জেৰেঙা পথাৰৰ সভাস্থলী পৰ্যবেক্ষণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত আয়োজিত বিশাল জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ ১,০৬,৯৪০গৰাকী খিলঞ্জীয়াক প্ৰদান কৰিব ভূমিপট্টা ।

আজি এইক্ষেত্ৰত জেৰেঙা পথাৰৰ সভাস্থলীৰ প্ৰস্তুতিৰ সকলো দিশ পৰ্যবেক্ষণ কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই পৰ্যবেক্ষণস্থলীৰ পৰা কয়- ‘প্ৰধানমন্ত্ৰী মোদী যেতিয়া কোনো এখন চহৰলৈ আহে, তেতিয়া সেই চহৰৰ সকলো মানুহে হিলদ’ল ভাহি সভালৈ আহে। লগতে সভালৈ অহা মানুহতকৈ বহু গুণে বেছি মানুহে তেওঁক টিভি-ইণ্টাৰনেটত প্ৰত্যক্ষ কৰে। গতিকে তেখেতৰ অসম আগমনৰ সময়ত ৰাজ্যখনৰ ৩ কোটি জনতাক স্পৰ্শ কৰিব।’

নিৰ্বাচন আয়োগে ইতিমধ্যে ব’হাগ বিহুৰ আগেয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ২৪ জানুৱাৰীৰ অসম আগমনে স্বাভাৱিকতে নিৰ্বাচনী বতৰৰ সূচনা কৰিব বুলি ধাৰণা কৰিব পাৰি।

You might also like