নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতালৈ অৰুণোদয় বঁটা
নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰ : চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ আমন্ত্ৰন ক্ৰমে এইবেলি চামতাত অসম সাহিত্য সভাৰ অৰুনোদয় দিৱসটো এক জানুৱাৰীত চামতাত অনুষ্ঠিত হব। অসম সাহিত্য সভাৰ উদ্যোগত নলবাৰী জিলা সাহিত্য সভা, চামতা আঞ্চলিক শাখা সাহিত্য সভা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অৰুনোদয় দিৱস উদ্যাপন কৰিব। অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাক অৰুনোদয় বটা প্ৰদান কৰা হব বুলি সংবাদ মেলত প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই জানিব দিয়ে। ইফালে হাকামা অঞ্চলৰ প্ৰয়াত অৰ্চনা চক্ৰৱতীৰ নামত গঠন হোৱা অর্চনা চক্রবর্তী স্মাৰক ন্যাসৰ বাবে নৱ-প্ৰজন্মৰ লেখক-লেখিকাৰ পৰা উপন্যাস আৰু চুটি গল্পৰ সংকলন আহ্বান কৰিছে। ২০২৩-২০২৪ আৰু ২০২৪- ২০২৫ বৰ্ষৰ বাবে প্রদান কৰিবলগীয়া এই বঁটাত ১৫ হাজাৰ টকাৰ নগদ ধন, স্মাৰক পত্ৰ আৰু গ্ৰন্থৰ প্ৰদান কৰা হ’ব। প্রতিযোগিতাৰ বাবে প্ৰেৰণ কৰা গ্ৰন্থ ২০২১ চনৰ পৰা বৰ্তমান সময়ৰ ভিতৰত প্ৰকাশিত হ’ব লাগিব। ৩৫ বছৰৰ অনুৰ্ধৰ নৱ-প্ৰজন্মৰ সাহিত্যিকে স্ব-ৰচিত উপন্যাস আৰু গল্পৰ সংকলন অহা ৮ জানুৱাৰী, ২০২ৰ ভিতৰত অসম সাহিত্য সভালৈ প্ৰেৰণ কৰিব লাগিব। গ্ৰন্থ প্ৰেৰণৰ ঠিকনা : ড° উপেন্দ্ৰজিৎ শর্মা, প্রধান সম্পাদক, অসম সাহিত্য সভা, ভাগৱতী প্রসাদ বৰুৱা ভৱন, গুৱাহাটী-১।
প্ৰেৰক তপন কুমাৰ শৰ্মা