উজনি অসমবাসীলৈ সুখবৰ : শীঘ্ৰে সম্পূৰ্ণ হোৱাৰ পথত ৰাষ্ট্ৰীয় পথ
বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰা এটা ৰাজহুৱা ঘোষণাই আনন্দিত কৰিছে উজনিৰ ৰাইজক। শীঘ্ৰে সম্পূৰ্ণ হ’ব যোৰহাটৰ পৰা ডিব্ৰুগড় সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰী নীতিন গাডকাৰিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে যে নুমলিগড়ৰ পৰা যোৰহাটলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে যদিও আজিও সম্পূৰ্ণ হোৱা নাই যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। উক্ত অংশ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১১টাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানক পুনৰ নিয়োগ কৰিছে। কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীগৰাকীৰ এই পদক্ষেপ নিশ্চিতভাৱে প্ৰশংসনীয় আৰু নিৰ্মাণকাৰ্য অধিক ত্বৰান্বিত হ’ব বুলি প্ৰকাশ কৰে। উল্লেখ্য যে ২০১৪ বৰ্ষত কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰী নীতিন গাডকাৰিয়ে শুভাৰম্ভ কৰিছিল নুমলিগড়ৰ পৰা ডিমৌলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ। ইয়াৰে নুমলিগড়ৰ পৰা যোৰহাটলৈকে পথছোৱা সম্পূৰ্ণ হ’ল যদিও কেনা লাগিল যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ পথচোৱাত। মূলত: যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে মাথোঁ ৩৭ কিলোমিটাৰ পথৰ ৬০ শতাংশ কামো আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল। ২০১৪ বৰ্ষৰ পৰা ইতিপূৰ্বে কোটি কোটি টকাৰ জালিয়াতি কৰি চাৰিটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠান অন্তৰ্ধান হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৩৭ কিলোমিটাৰ পথ তিনিটা ঠিকাদাৰী প্ৰতিষ্ঠানক ভগাই দি অহা ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ কৰি তুলিবলৈ চেষ্টা চলায়। সম্প্ৰতি নিয়োজিত হৈ থকা বিন্নী ইনষ্ট্ৰাকচন, সদগুৰু ইনষ্ট্ৰাকচন আৰু এম পি আগৰৱালা ইনষ্ট্ৰাকচনে কিছু পৰিমাণে কাম আগবঢ়াইছে যদিও যোৱা দহটা বছৰে ৬০ শতাংশ সম্পূৰ্ণ নোহোৱা পথছোৱা ফেব্ৰুৱাৰী মাহত কিমানদুৰ সম্পূৰ্ণ হ’ব, সেয়া আজি সন্দেহৰ আৱৰ্তত। কিয়নো পুৰ্বে নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানে কৰি থৈ যোৱা কেতবোৰ বিসংগতিপুৰ্ন নিৰ্মাণকাৰ্যৰ পৰিণতিত এতিয়া ভঙা-পতা কৰিব লগীয়া হৈছে বৰ্তমানৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে। ইপিনে বৰ্তমানৰ ঠিকাদাৰী প্ৰতিষ্ঠানে কেতবোৰ বিসংগতিপুৰ্ন নিৰ্মাণকাৰ্য্য চলোৱাৰো অভিযোগ উঠিছে। লক্ষণীয় যে ২০১৭ চনৰ পৰা উক্ত পথছোৱাত আজি পৰ্যন্ত ৩৩ গৰাকী লোক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে। কিন্তু বৰ্তমানো সেয়া নিৰ্মুল কৰিব পৰা নাই। নিৰ্মাণকাৰ্য চলাই থকা অংশত কোনো সঠিক সাংকেতিক চিন্হ ব্যৱহাৰ নকৰাৰ পৰিণতিত দৈনিক দুৰ্ঘটনা সংঘটিত হৈয়ে আছে। একেদৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ ডাম্পাৰৰ দৌৰাত্ম, সঠিক সাংকেতিক চিন্হ নথকাৰ ফলত এদিনীয়া পথচাৰী কোন দিশে যাব অথবা নাযাব, তেনে পৰিবেশে আজিও ৰাইজক বিবোধিত পেলাই আহিছে। তেনে সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীগৰাকীৰ তৎপৰতাই এক আশাৰ ৰেঙনি আনিছে উজনিৰ ৰাইজৰ মাজলৈ। মুখ্যমন্ত্ৰীয়ে অৱগত কৰাৰ দৰেই উজনিৰ ৰাইজেও আশা কৰিছে- এই খৰালীতেই সম্পূৰ্ণ হওক উজনিৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, অৱসান ঘটক চাৰিলেনযুক ৰাষ্ট্ৰীয় ঘাইপথ লাভৰ নামত দহ বছৰে ভুগী অহা জ্বালা-যান্ত্ৰণা।
প্ৰেৰক দিগন্ত হাজৰিকা