নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নাজিৰা চেপ্টাৰ ইজ ক্লজ’ : অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ

🔹 আত্মসমৰ্পণৰ বাবে পুৱা ৯ বজাত শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত প্ৰৱেশ

🔹 তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

🔹 সুৰক্ষাজনিত কাৰণত নাজিৰা থানাৰ পৰিৱৰ্তে শিৱসাগৰ থানাৰ লকআপত থাকিব শুভলক্ষ্মী

🔹 শুভলক্ষ্মীক আশ্ৰয় প্ৰদান কৰা প্ৰাক্তন বিধায়ককো গ্ৰেপ্তাৰৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা,  ৯ ছেপ্টেম্বৰ : সুদীৰ্ঘ পাঁচটা বছৰ ধৰি চৰকাৰী পদবী ভূলুন্ঠিত কৰি খাকী পোছাকৰ দৌৰাত্ম্যৰে নিৰীহৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই অহা অত্যাচাৰী-বৰ্বৰ আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ কলংকিত অধ্যায়ৰো যৱনিকা পৰাৰ পথত ৷ আইন-আদালতক অংগুষ্ঠ দেখুৱাই ওভতগোৰে নাচি অহা মাতব্বৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তও অৱশেষত লকআপৰ আলহী হ’বলৈ বাধ্য হ’ল ৷ অনিমা প্ৰজা নামৰ এগৰাকী দৰিদ্ৰ বনকৰা আদিবাসী মহিলাৰ শৰীৰত উতলা গৰম পানী ঢালি নিৰ্মম অত্যাচাৰ চলাই আসুৰিক তৃপ্তি লাভ কৰা বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ৷ পাঁচ দিনৰ পূৰ্বে গুৱাহাটীস্থিত শিৱসাগৰৰ এগৰাকী বহু বিতৰ্কিত প্ৰাক্তন বিধায়কৰ ফ্লেটত আশ্ৰয় লৈ থকা অৱস্থাত শিৱসাগৰ আৰক্ষীৰ বেহু ফালি এইগৰাকী কলংকিত আৰক্ষী বিষয়াই পলায়ন কৰাৰ পিছতেই অধিক কঠোৰ হৈ পৰিছিল অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ৷ ১৫ ঘন্টাৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে শুভলক্ষ্মী দত্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰি সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি কঠোৰ ডেড লাইন বান্ধি দিয়াৰ পিছতেই এইগৰাকী কলংকিত আৰক্ষী বিষয়াই আজি পুৱা আত্মসমৰ্পণ কৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত ৷ এক অজ্ঞাত স্থানৰ পৰা এখন টিয়াগো গাড়ীৰে এগৰাকী ভগ্নীৰ সৈতে আজি পুৱা প্ৰায়  ৯.৩০ বজাত শুভলক্ষ্মী দত্তই দোপাত্তাৰে মুখ বান্ধি প্ৰৱেশ কৰিছিল ৷ গেটৰ সন্মুখতেই ভগ্নীৰ সৈতে নামি দৌৰি অধীক্ষকৰ কাৰ্য্যালয়ত প্ৰৱেশ কৰাৰ পিছতেই আঁতৰি গৈছিল শুভলক্ষ্মীক অজ্ঞাত স্থানৰ পৰা কঢ়িয়াই অনা বাহনখন ৷ প্ৰথম অৱস্থাত সমগ্ৰ ৰাজ্য তোলপাৰ কৰি ৰখা শুভলক্ষ্মী দত্তই শিৱসাগৰত আত্মসমৰ্পণ কৰাৰ কথা কোনেও ভুকে পোৱা নাছিল যদিও প্ৰায় আধা ঘন্টাৰ পিছতেই ৰাষ্ট্ৰ হৈ পৰে এই খবৰ ৷ আনহাতে, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙেও টুইটযোগে নাজিৰা চেপ্টাৰ ক্লজ বুলি ঘোষণা কৰাৰ পিছতেই আত্মসমৰ্পণ কৰা শুভলক্ষ্মীক লৈ তৎপৰতা আৰম্ভ হয় আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত ৷ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে আটাইকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰায় তিনি ঘন্টা ধৰি চলোৱা জেৰাৰ অন্তত উপস্থিত হোৱা নাজিৰা আৰক্ষীৰ এটা দলে কটকটীয়া নিৰাপত্তাৰ মাজেৰে নাজিৰালৈ ৰাওনা হয় ৷ উল্লেখ্য যে বিগত ২৫ আগষ্টত অনিমা প্ৰজা নামৰ লক্ষীমপুৰ জিলাৰ বনকৰা মহিলাগৰাকীয়ে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩৬/ ২০২৩ নম্বৰৰ গোচৰৰ বিপৰীতে ৩২৪/ ৩৪২ নম্বৰৰ দুটা লঘু শাস্তিৰ ধাৰা সংযোজন কৰিছিল ৷ কিন্তু আদিবাসী ছাত্ৰ সংগঠন, মজদুৰ সংগঠন, বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল-সংগঠনে এই বৰ্বৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ধাৰা বলবৎ কৰাৰ দাবীত অবিৰত প্ৰতিবাদ অব্যাহত ৰাখিছিল ৷ কিন্তু শেহতীয়াকৈ অসম আৰক্ষীয়ে উজনি অসমৰ ডি আই জিৰ ক্ষেত্ৰভিত্তিক এক প্ৰতিবেদনৰ ভিত্তিত নতুনকৈ দুটা কঠোৰ ধাৰা সংযোজন কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি নাজিৰা আদৰ্শ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধিৰ ৩২৪/৩৪২/৩০৭/৩২৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷ প্ৰায় দুঘন্টা ধৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত এইগৰাকী লেডী ডনৰূপী আৰক্ষী বিষয়াক প্ৰাথমিক জেৰা চলোৱাৰ পিছতেই নাজিৰা নগৰস্থিত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে মহকুমা আদালতত হাজিৰ কৰায় ৷ জানিব পৰা মতে, তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে অধিক তথ্য উদ্ধাৰৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন জনাইছিল ৷ কিন্তু আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ অন্তত তিনি দিনৰ বাবে শুভলক্ষ্মী দত্তক আৰক্ষীৰ জিম্মাত প্ৰদান কৰে। ন্যায়ালয়ে স্বাস্থ্য আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই আৰক্ষী প্ৰশাসনে এইগৰাকী অত্যাচাৰী আৰক্ষী বিষয়াক নাজিৰা থানাৰ লকআপৰ পৰিৱৰ্তে শিৱসাগৰ সদৰ থানাৰ লকআপত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, আদিবাসী মহিলা অনিমা প্ৰজাক হত্যাৰ উদেশ্যে চলোৱা নৃশংস আক্ৰমণৰ মূল অভিযুক্ত শুভলক্ষ্মী দত্ত যাতে কোনো কাৰণতেই  আইনৰ সুৰুঙাইদি সাৰি নাযায়, তাৰ বাবে আৰক্ষীক সূক্ষ্ম আৰু নিখুঁত অনুসন্ধান চলাবলৈ আহব্বান জনায় ৷ অসম চাহ জনজাতি যুৱ ছাত্ৰ সন্থাৰ জিলা সভাপতি সুৰেশ তাঁতীয়ে শুভলক্ষ্মীৰ বিৰুদ্ধে সঠিক সাক্ষ্য-প্ৰমাণৰ ভিত্তিত আদালতত কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীৰ প্ৰতি আহব্বান জনায় ৷ অন্যথা শুভলক্ষ্মীৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী ল’বলৈ আদিবাসী সংগঠনসমূহ ব্যাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷ স্মৰ্তব্য যে নাজিৰা মহকুমাৰ তদানীন্তন মহকুমা আৰক্ষী বিষয়া তথা সদ্য পদোন্নতিপ্ৰাপ্ত চৰাইদেউৰ এ এছ পি শুভলক্ষ্মী দত্তই আদিবাসী মহিলা অনিমা প্ৰজাৰ ওপৰত চলোৱা আসুৰিক নিৰ্য্যাতনৰ ঘটনা সন্দৰ্ভত অসম মহিলা আয়োগৰ এটা দলে মহিলাগৰাকীৰ স্বাস্থ্যক বুজ লোৱাৰ অন্তত এটা গোচৰ ৰুজু কৰিছিল ৷ লক্ষণীয়ভাৱে শিৱসাগৰত ডি এছ পি হিচাপে কৰ্তব্যৰত হৈ থকাৰ সময়ত গৃহৰক্ষী জোৱান অনিল পাটৰৰ দুটাকৈ দাঁত শুভলক্ষ্মী দত্তই ঘুচিয়াই ভাঙি দিছিল ৷ সেই সময়ত অনিল পাটৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ১৫৯/১৯ নম্বৰৰ গোচৰটোৰ শুভলক্ষ্মীক সুৰক্ষা দি ইতিমধ্যে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে ৷ কিন্তু একে সময়তে ৰাজকুমাৰ গগৈ নামৰ দেহৰক্ষীগৰাকীক শুভলক্ষ্মী দত্তই প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত গগৈয়ে ৰুজু কৰা ৩৩৪/১৯ নম্বৰৰ গোচৰটোৰ তদন্তকাৰী আৰক্ষীয়ে শুভলক্ষ্মীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল৷ শেহতীয়াকৈ প্ৰহৃত ৰাজকুমাৰ গগৈয়ে আদালতত পুনৰ গোচৰটোৰ তদন্তৰ বাবে আবেদন জনোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে। ইফালে, শিৱসাগৰ আৰক্ষীৰ পৰা চি আই ডিয়ে শুভলক্ষ্মী কাণ্ড সংলগ্ন সমগ্ৰ গোচৰৰ তদন্তৰ প্ৰতিবেদন কালিয়েই সংগ্ৰহ কৰিছে ৷ যাৰ বাবে অচিৰেই শুভলক্ষ্মী দত্তক চি আই ডিয়েও নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো আৰক্ষীৰ তদন্তত অসহযোগ কৰা আৰু পলায়ন কৰাৰ সন্দৰ্ভত আন এটা নিজাববীয়া গোচৰ বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱাৰ কথাও জানিব পৰা গৈছে ৷ আনহাতে, অসম আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই শুভলক্ষ্মী দত্তই আশ্ৰয় লোৱা, আশ্ৰয় প্ৰদান কৰাৰ লগতে সহায়-সহযোগিতা আগবঢ়াই অহা এগৰাকী বহু বিতৰ্কিত প্ৰাক্তন বিধায়কো এতিয়া তদন্তৰ আওতাত সোমাই পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ নাজিৰাৰ পৰা গুৱাহাটীৰ পাৰ্লে এপাৰ্টমেন্টলৈকে প্ৰতিটো খোজতেই এইগৰাকী বিতৰ্কিত প্ৰাক্তন বিধায়কৰ অৱস্থিতি আৰক্ষীৰ ৰাডাৰত ধৰা পৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like