নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ সামগ্ৰী বিতৰণ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰ : অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ উদ্যোগত দুখীয়া-দৰিদ্ৰ লোকৰ মাজত  প্ৰেছাৰ কুকাৰৰ লগতে খেলুৱৈৰ বাবে জাৰ্ছী, বৈদ্যুতিক এলইডি বাল্বৰ উপৰি জোতা আদি বিতৰণ কৰে । কোকৰাঝাৰ সদৰ চহৰৰ ওচৰত গৌৰাং নৈৰ পাৰত এখন সভা অনুষ্ঠিত কৰি সামগ্ৰীখিনি বিতৰণ কৰে । উক্ত বিতৰণী অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ পূব জনজাতি সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ দীপক ৰঞ্জন দাস, উপাধ্যক্ষ মহাদেৱ দাস আদিৰ লগতে ব’ৰ্ডৰ সদস্য-সদস্যাসকল। আজিৰ অনুষ্ঠানতেই সাতশৰো অধিক হিতাধিকাৰীৰ মাজত সামগ্ৰীখিনি বিতৰণ কৰে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like