বিশেষ বাৰ্তা, ১৮ জুলাইঃ তৃতীয়বাৰৰ বাবে দিল্লীৰ মছনদ দখলৰ লক্ষ্য বিজেপিৰ। ২০২৪ৰ লোকসভা নির্বাচনৰ ৰণ জিকাৰ চিন্তাৰে আজি নতুন দিল্লীত মিলিত হয় এনডিএৰ সহযোগী দলসমূহ। বেংগালুৰুত ২৬ বিৰোধী দলৰ বৈঠক সামৰণি পৰাৰ কেইঘণ্টামান পাছতে দিল্লীৰ অশোক হোটেলত দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা এনডিএৰ বৈঠক অনুষ্ঠিত হয়৷ মোদীৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীৰ উপস্থিতিৰ উপৰিও ৩৮টা দলৰ মুৰব্বীসকল বৈঠকত অংশগ্রহণ কৰে৷ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ সিন্দে, তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী তথা এআইএডিএমকেৰ নেতা কে পালানাস্বামী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰি’ই প্রধানমন্ত্রী মোদীক বৃহৎ ফুলৰ মালাৰে সম্বোধন জনায়৷ মঞ্চত প্রধানমন্ত্রী মোদীয়ে এনডিএৰ অংশীদাৰী দলৰ মুৰব্বীৰ সৈতে বার্তালাপো কৰে৷ এনডিএৰ বৈঠকত অসম গণ পৰিষদৰ নেতা তথা অসম চৰকাৰৰ মন্ত্রী অতুল বৰা, ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়োৱেও অংশগ্রহণ কৰে৷ উল্লেখ্য যে এই গুৰুত্বপূর্ণ বৈঠকত বিজেপি নেতৃত্বাধীন এনডিএত ৩৮টা ৰাজনৈতিক দলে অংশ লৈছে। বৈঠকত প্রধানমন্ত্রী মোদীয়ে বিৰোধী দলক তীক্ষ্ণ বাক্যবাণেৰে থকাসৰকা কৰি এনডিএৰ অংশীদাৰী দলক উৎসাহিত কৰে৷ ৰাজধানী নতুন দিল্লীৰ অশোকা হোটেলত আয়োজিত ৩৮টা দলে অংশগ্রহণ কৰা এনডিএৰ বৈঠক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– এনডিএৰ কাৰণে দেশ প্রথম, দেশৰ সুৰক্ষা প্রথম, উন্নতি প্রথম আৰু জনতাক সবলীকৰণ প্রথম৷ তাৰ পাছতহে ৰাজনীতি৷ এনডিএ দেশৰ কাৰণে ত্রিশক্তি, এনডিএ এক ইতিবাচক শক্তি আৰু সমগ্র দেশৰ বিশ্বাস এনডিএ৷ এনডিএৰ নীতি আৰু আদর্শ স্পষ্ট বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে বিৰোধী দলৰ ঐক্য নেতিবাচক ধাৰণাত গঢ় লৈ উঠা বুলি উল্লেখ কৰি এই জোঁটবন্ধন কেতিয়াও বিজয়ী হ’ব নোৱাৰে বুলি কয়৷ এনডিএ বিৰোধৰ কাৰণে গঠন হোৱা নাছিল৷ এনডিএ গঠন হৈছিল দেশলৈ সুস্থিৰতা অনাৰ বাবে৷ এনডিএ সদায় ইতিবাচক ৰাজনীতি কৰি আহিছে আৰু ক্ষমতাৰ কাৰণে লালায়িত নোহোৱাকৈয়ে দেশক শক্তিশালী কৰিবলৈ কাম কৰি আহিছে৷ বিৰোধী দল হিচাপে চৰকাৰত থকাৰ সময়তো কেতিয়াও এনডিএ ধ্বংসাত্মক ৰাজনীতি কিম্বা ক্ষমতাৰ কাৰণে বিদেশৰ সহায় লোৱা নাছিল৷ কংগ্রেছৰ নাম নোলোৱাকৈ দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– পূর্বৰ কংগ্রেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত ভ্রষ্টাচাৰে ভৰি পৰিছিল৷ আনকি প্রধানমন্ত্রীও ইয়াত সাঙোৰ খাই পৰিছিল৷ গণতন্ত্রক বচাবলৈ আমি সকলো পন্থা গ্রহণ কৰিছো৷ ভ্রষ্টাচাৰীক ব্যৱস্থাৰ পৰা আঁতৰাই পঠিয়াইছো৷ কংগ্রেছে চৰকাৰ গঠনো কৰে আৰু পতনো ঘটায়৷ আনপিনে সুস্থিৰ চৰকাৰক সমগ্র বিশ্বই ভৰষা কৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এনডিএই সুস্থিৰ চৰকাৰ চলাই থাকিবলৈ সক্ষম হৈছে৷ এনডিএত কোনো সৰু আৰু ডাঙৰ দল নাই৷ সকলোৱে সমানে আগবাঢ়ি গৈ আছে৷ এনডিএৰ দলসমূহ মাটিৰ সৈতে সম্পর্কিত৷ ইপিনে বিৰোধীৰ জোঁটবন্ধন প্রয়োজনৰ বাবে কৰা হৈছে বুলি উল্লেখ কৰি এনডিএ প্রয়োজনৰ বাবে নহয় মজবুতৰ বাবে গঠন কৰা হৈছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ সমগ্র দেশবাসীয়ে বিশ্বাসত লোৱা এনডিএ হৈছে নিউ ডেভেলপমেণ্ট এছপিৰেচন৷ অর্থাৎ নতুন বিকাশ আকাংক্ষা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ৰাজনীতিতকৈ এনডিএৰ মূল লক্ষ্য হৈছে দেশৰ বিকাশ৷ মন কৰিবলগীয়া যে এনডিএত নতুনকৈ অংশীদাৰ হিচাপে যোগ দিয়া দলকেইটাক অভিনন্দন জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে এনডিএই দেশৰ বিকাশ আৰু ক্ষেত্রীয় অঞ্চলৰ আকাংক্ষাক আগবঢ়াই নিয়ে বুলি কয়৷