এপ্রিল–মার্চলৈ নতুন শৈক্ষিক বর্ষ, মন্ত্রী পৰিষদৰ কেবিনেট বৈঠকত কেইটামান বিশেষ সিদ্ধান্ত
আদায় লোৱা চিপিএফৰ ধন ৬ মাহৰ ভিতৰত ঘূৰাই দিলে পেন্সন পাব
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ৰাজ্যত এইবাৰ শৈক্ষিক বর্ষৰ সময় সলনি কৰা হৈছে৷ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ পৰিৱর্তে নতুন শৈক্ষিক বর্ষ হ’ব ১ এপ্রিলৰ পৰা ৩১ মার্চলৈকে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে লকডাউন বলৱৎ কৰাৰ উপৰি চৰকাৰে যোৱা ১৫ মার্চৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ পৰিপ্রেক্ষিতত ছাত্র–ছাত্রীসকলৰ যি ক্ষতি হ’ল, তাৰ জোৰা মাৰিবলৈ এইবাৰৰ শৈক্ষিক বর্ষ এপ্রিল মাহলৈ পিছুৱাই দিছে৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কালি খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্রী পৰিষদৰ কেবিনেট বৈঠকে এই ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে চলিত বর্ষৰ শৈক্ষিক বর্ষ এপ্রিল মাহলৈ পিছুৱাই নিয়া সম্পর্কত চিন্তা–চর্চা কৰাৰ বিষয়ে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ৭ মে’ত এখন সংবাদ মেলযোগে প্রথমবাৰৰ বাবে প্রকাশ কৰিছিল৷ ক’ভিড–১৯ৰ বাবে এই বছৰ হোৱা ছাত্র–ছাত্রীৰ শৈক্ষিক ক্ষতিপূৰণৰ লগতে ৰাষ্ট্রীয় পর্যায়ৰ দৰে অসমতো শৈক্ষিক বর্ষ এপ্রিলৰ পৰা মার্চলৈ চলোৱাৰ তেওঁ পোষকতা কৰিছিল৷ পৰৱর্তী পর্যায়ত শিক্ষা বিভাগৰ তৰফৰ পৰা এই বিষয়ত জনসাধাৰণৰ মতামত আৰু পৰামর্শ গ্রহণ কৰে৷ জনসাধাৰণেও ৰাষ্ট্রীয় পর্যায়ৰ দৰেই অসমতো শৈক্ষিক বর্ষ এপ্রিলৰ পৰা মার্চলৈ চলোৱাৰ সপক্ষে মতামত ব্যক্ত কৰিছিল৷
ইয়াৰ পৰিপ্রেক্ষিতত আজি অনুষ্ঠিত কেবিনেট বৈঠকে অসমতো শৈক্ষিক বর্ষ এপ্রিলৰ পৰা মার্চলৈ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ অৱশ্যে শিক্ষামন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, এই ব্যৱস্থা স্থায়ী নে অস্থায়ী হ’ব, সেই সম্পর্কত বর্তমান সিদ্ধান্ত লোৱা নাই৷ তেওঁ কয় যে বিদ্যালয়সমূহত এইবাৰৰ শৈক্ষিক বর্ষ ১ এপ্রিলৰ পৰা ২০২১ চনৰ ৩১ মার্চলৈ সলনি কৰাৰ কেবিনেটত সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ স্থানীয় পৰিৱেশ আৰু অন্যান্য কাৰকৰ ওপৰত নির্ভৰ কৰি যথোপযুক্ত আলোচনামর্মে সংশ্লিষ্ট শৈক্ষিক কর্তৃপক্ষই প্রতিটো শ্রেণীৰ বাবে শিক্ষাপঞ্জী নিৰূপণ কৰিব৷
আদায় লোৱা চিপিএফৰ ধন ৬ মাহৰ ভিতৰত ঘূৰাই দিলে পেন্সন পাব
এই প্রসংগতে উল্লেখনীয় এয়ে যে চি বি এছ ইৰ অধীনস্থ বিদ্যালয়সমূহত শৈক্ষিক বর্ষ প্রতিবছৰে এপ্রিলৰ পৰা মার্চলৈ চলে৷ ইপিনে কালি অনুষ্ঠিত কেবিনেট বৈঠকে আন এক গুৰুত্বপূর্ণ সিদ্ধান্তযোগে অসম কলেজ কর্মচাৰী প্রাদেশিকীকৰণ আইন, ২০০৫ৰ সংশোধনীত অনুমোদন জনায় অৱসৰপ্রাপ্ত কলেজ কর্মচাৰীসকলক পেন্সন দিয়াৰ ব্যৱস্থা কৰে৷ প্রাদেশীকৃত কলেজ কর্মচাৰীৰ যিসকলে ইতিমধ্যে চি পি এফৰ ধন আদায় লৈছে, তেওঁলোকে সেই ধন ৬ মাহৰ ভিতৰত ওভতাই দিলে এতিয়াৰে পৰা পেন্সন লাভ কৰিব৷
অশোক কাগজ কলৰ ২০০ বিঘা মাটিত আন্তঃৰাষ্ট্রীয় ল’জিষ্টিক হাব স্থাপনৰ সিদ্ধান্ত
সেইদৰে আত্মনির্ভৰ অসম নির্মাণৰ প্রতি লক্ষ্য ৰাখি বৈঠকে এম এছ এম ই অধ্যাদেশত অনুমোদন জনায়, যাতে অহা তিনি বছৰত ৰাজ্যখনত ক্ষুদ্র, অতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগ স্থাপনত অনুমোদন দিব পৰা যায়৷ নতুন বিনিয়োগ, নিয়োগ আৰু বাণিজ্যৰ প্রতি লক্ষ্য ৰাখি বৈঠকতে চৰকাৰে যোগীঘোপাৰ অশোক কাগজ কলৰ ২০০ বিঘা মাটিত দেশৰ প্রথম আন্তঃৰাষ্ট্রীয় মাল্টী মডেল ল’জিষ্টিক হাব স্থাপনৰ বাবে অনুমোদন জনায়৷
নাবার্ডৰ ৩৩৮.২৮ কোটি ঋণ লোৱাৰ প্রস্তাৱত অনুমোদন
আনহাতে, ৰাজ্যখনৰ বিভিন্ন খণ্ডত উন্নয়নমূলক কাম কৰাৰ বাবে নাবার্ডৰ পৰা ৩৩৮.২৮ কোটি টকাৰ ঋণ লোৱাৰ প্রস্তাৱতো বৈঠকে অনুমোদন জনায়৷ সেইদৰে মন্ত্রী পৰিষদৰ বৈঠকে পঞ্চদশ বিত্তীয় আয়োগে অনুমোদন দিয়া ধনৰ ৭০ শতাংশ গাঁও পঞ্চায়তক, ১৫ শতাংশ আঞ্চলিক পঞ্চায়তক, ১৫ শতাংশ জিলা পৰিষদক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি খনি নিলামৰ ক্ষেত্রত আমানত ধনৰ পৰিমাণ সাধাৰণ কেটেগ’ৰীৰ ক্ষেত্রত ০.৫ শতাংশ আৰু অনুসূচিত জাতি–জনজাতি কেটেগ’ৰীৰ ক্ষেত্রত ০.২৫ শতাংশলৈ আজিৰ কেবিনেট বৈঠকে হ্রাস কৰে৷ সেইদৰে সাধাৰণ প্রশাসন বিভাগৰ অধীনস্থ অসম ভৱনৰ কর্মচাৰীসকলৰ ক্ষেত্রত এতিয়াৰে পৰা এটা অসম ভৱনৰ পৰা আন এটা অসম ভৱনলৈ বদলিৰ ব্যৱস্থা কৰে৷ একেদৰে বেংগল–আগ্রা–সম চিভিল ক’ট এক্ট, ১৮৮৭ অনুসৰি ল’ৱাৰ ক’টৰ ক্ষেত্রত বিত্তীয় পৰিসৰ ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে৷
কালি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী সোণোৱালে মন্ত্রী পৰিষদৰ প্রতিগৰাকী সদস্যক ক’ভিড–১৯ আৰু বানপানীৰ তদাৰকীৰ বাবে যিবোৰ জিলাৰ দায়িত্ব দিয়া হৈছে, সেই দায়িত্ব নিয়াৰিকৈ পালনৰ নির্দেশ দিয়ে বুলি পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ মন্ত্রী পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, প্রতিটো বিভাগৰে ধ্বজাবাহী আঁচনিসমূহ ক্ষিপ্র ৰূপায়ণৰ বাবে প্রতিগৰাকী মন্ত্রীক সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে নিয়মিত ৰূপত পর্যালোচনা কৰাৰো নির্দেশ দিয়ে৷
বান সাহায্য শিবিৰসমূহৰ ক্ষেত্রতো বৈঠকখনত পর্যালোচনা কৰা হয়৷ ইতিমধ্যে মুখ্যমন্ত্রীয়ে প্রতিগৰাকী উপায়ুক্তক স্বাস্থ্য বিভাগৰ নির্দেশনাৰ ভিত্তিত বান সাহায্য শিবিৰসমূহ স্থাপনৰ লগতে ক্ষতিগ্রস্ত ৰাইজে যাতে নিয়ম অনুসৰি সাহায্য লাভ কৰে, পশুখাদ্যৰ যোগান ধৰা হয়, পশু চিকিৎসাৰ ব্যৱস্থা কৰা হয়, তাৰ সকলো ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ বিষয়ে প্রকাশ কৰে৷
গুৱাহাটীত বলৱৎ হোৱা লকডাউনৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অধিক চৰা দামত সামগ্রী বিক্রী কৰাৰ প্রসংগত মন্ত্রী পাটোৱাৰীয়ে কয় যে সংবাদ মাধ্যমত এই বাতৰি সম্প্রচাৰ হোৱাৰ পাছতেই মুখ্যমন্ত্রীয়ে ৰাজ্যৰ মুখ্য সচিব আৰু যোগান বিভাগৰ বিষয়াক মাতি আনি তদন্ত কৰাৰ লগতে তেনে অসাধু ব্যৱসায়ীৰ ওপৰত ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷ সেই অনুসৰি এতিয়ালৈ তিনিগৰাকী ব্যৱসায়ীক গ্রেপ্তাৰ কৰা হৈছে৷