নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূর্ণ লকডাউন

ইতিমধ্যে কামৰূপ মহানগৰ জিলাত আৰম্ভ হৈছে সম্পূর্ণ লকডাউন৷ মূলতঃ গুৱাহাটী মহানগৰক ক’ভিড–১৯ৰ গণসংক্রমণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ কিন্তু চৰকাৰে ঘোষণা কৰাৰ পৰা সম্পূর্ণ লকডাউন বলৱৎ হোৱাৰ মাজৰ সময়ছোৱাত গুৱাহাটীত এনে কেতবোৰ ঘটনা সংঘটিত হ’ল, ই হিতে বিপৰীত হোৱাৰ শংকাহে কঢ়িয়াই আনিলে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে ঘোষণা কৰা অনুসৰি সোমবাৰৰ পৰা সমগ্র কামৰূপ মহানগৰ জিলাত কঠোৰভাৱে লকডাউন বলৱৎ হৈছে৷ তিনি দিনৰ ভিতৰত মহানগৰবাসীক কমেও ৭ দিনৰ বাবে প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ সুবিধা কৰি দিয়া হয়৷ কিন্তু প্রয়োজনীয় সামগ্রী ক্রয়–বিক্রয়ৰ নামত গুৱাহাটী মহানগৰীত সামাজিক দূৰত্বক ভৰিৰে মোহাৰি হাজাৰ হাজাৰ লোকে যি ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিলে, সিয়ে মহানগৰবাসীক সম্পূর্ণ লকডাউনৰ কালছোৱাত ক’ভিড–১৯ৰ পৰা সুৰক্ষিত কৰি ৰাখিবনে, তাক লৈ সংশয় সৃষ্টি হৈছে৷

এইটো অনস্বীকার্য যে গুৱাহাটীত ক্রমবর্ধমান গণসংক্রমণৰ শৃংখলটোৰ গতিধাৰা ৰুদ্ধ কৰিবলৈ ৰাজ্য চৰকাৰে সম্পূর্ণ লকডাউনৰ দৰে এটা কঠোৰ পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে৷ মহানগৰৰ চৌদিশে উৎসবিহীন ক’ৰোনাত আক্রান্তৰ সংখ্যা বাঢ়ি গৈ থকাত ইয়াৰ বিকল্পও নাছিল৷ কোনে কেতিয়া ক’ত কাৰ দেহত মাৰাত্মক ভাইৰাছবিধ জাপি দিয়ে, তাৰ কোনো নিশ্চয়তা নাই৷ এই বিপজ্জনক অৱস্থাটো মনলৈ আনি যদি শুকুৰবাৰৰ দুপৰীয়াৰ পৰা দেওবাৰৰ সন্ধিয়া ৭ বজালৈ গুৱাহাটীত বিৰাজমান গ্রাহকৰ হেতা–ওপৰাক বিশ্লেষণ কৰি চোৱা যায়, সেই সময়ছোৱাত মহানগৰত ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহ ছবি এখন ভাহি আহে৷ ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰাৰ সময়ত এইখিনি কথা বিবেচনা কৰা নাছিল বুলি ক’ব নোৱাৰি৷ ইয়াৰ এইটোৱেই কাৰণ হ’ব পাৰে যে চৰকাৰী সিদ্ধান্ত যিসকল আমোলা–বিষয়াই কার্যতঃ ৰূপায়িত কৰে, তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালনত হয় ব্যর্থ হৈছিল নতুবা গা এৰা মনোভাব গ্রহণ কৰিছিল৷ অন্যথা এনে স্পর্শকাতৰ সময়ত গুৱাহাটী মহানগৰখন ইমান বিশৃংখলতাৰ গ্রাসত নপৰিলহেঁতেন৷ অৱশ্যে এইক্ষেত্রত জনসাধাৰণৰো কর্তব্য তথা সামাজিক দায়িত্ববোধ থাকিব লাগিছিল৷ বুজনসংখ্যক লোকে কিন্তু এইখিনি কৰাত আগ্রহ নেদেখুৱালে৷ সকলো আওকাণ কৰি দোকানে–পোহাৰে পূজা–বিহুৰ দৰে বজাৰ–সমাৰ কৰাত লাগিল৷ আনহাতে, এই সময়ছোৱাত চৰকাৰৰ অসামৰিক যোগান বিভাগৰ ভূমিকা আছিল লজ্জাজনকভাৱে নির্বিকাৰ৷ সম্ভৱতঃ ইয়াৰ পূর্বে গুৱাহাটীৰ বজাৰত ইমান অৰাজকতা সৃষ্টি হোৱা নাছিল৷ মুহূর্তৰ ভিতৰতে খাদ্য–সামগ্রীৰ দাম প্রায় দুগুণ হৈ পৰে৷ ধৰোঁতা–চাওঁতা যেন কোনোৱেই নাই৷ যাৰ যি ইচ্ছা, তেনেকৈ সামগ্রীৰ দাম বৃদ্ধি কৰি গ্রাহকৰ জেপৰ ধন ডকাইতৰ দৰে লুট কৰিছে৷

সম্পূর্ণ লকডাউনৰ প্রথম কথাটোৱেই হৈছে মানৱৰ শৰীৰত থিতাপি লোৱা ভাইৰাছটোক এটা নির্দিষ্ট গণ্ডীৰ ভিতৰত বন্দী কৰি ৰখা৷ সেয়ে জনসাধাৰণক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনোৱা হৈছে৷ এই আহ্বানলৈ কেৰেপ নকৰি অগ্রহণযোগ্য কাৰণত কোনো লোক যদি বাহিৰলৈ ওলাই আহে, তেনে লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি চৰকাৰৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে৷ কিন্তু লকডাউন ঘোষণাৰ পিছতে গুৱাহাটীত আন একধৰণৰ অৰাজকতা দৃষ্টিগোচৰ হয়৷ মহানগৰত কর্মসূত্রে বা আন কাৰণত অন্যান্য জিলাৰ পৰা আহি বসবাস কৰা হাজাৰ হাজাৰ লোক নিজৰ নিজৰ জিলালৈ উভতি যায়৷ ইয়াকে লৈ একাংশই যাত্রীৰ পৰা দুগুণলৈকে ভাৰা আদায় কৰি পৰিস্থিতিৰ সুযোগ ভালদৰেই লয়৷ এইটো আন প্রসংগ৷ মূল কথাটো হৈছে, কোনোধৰণৰ পৰীক্ষাৰ সন্মুখীন নোহোৱাকৈ নিজ নিজ ঘৰলৈ যোৱা এই লোকসকলৰ মাজত যদি ক’ভিড–১৯ত আক্রান্ত লোকো থাকে, তেন্তে অনাগত দিনত অসমৰ পৰিস্থিতি কেনে ভয়াৱহ হৈ পৰিব, সেইটো কল্পনা কৰাও কঠিন৷ ৰে’ল আৰু বিমানযোগে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবেই গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বহু ঠাইত গণসংক্রমণৰ ঘটনা বৃদ্ধি হৈছে৷ বিশেষকৈ মহানগৰীত উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ মাথোঁ দেওবাৰৰ দিনটোতে গুৱাহাটীত ১৯৫গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এনে পৰিস্থিতিত মহানগৰীত গণসংক্রমণৰ ভয়াৱহতা প্রতিৰোধৰ বাবে সম্পূর্ণ লকডাউনৰ বিকল্প নাই৷ এইক্ষেত্রত সর্বসাধাৰণ ৰাইজে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নীতি–নির্দেশনা মানি চলিলে মহানগৰীৰ লগতে অসমবাসীয়ে মাৰাত্মক মহামাৰীৰ কৰাল গ্রাসৰ পৰা উদ্ধাৰ পাব৷ ৰাইজৰ সহায়–সহযোগিতা অবিহনে এনে ভয়াৱহ বিপদৰ পৰা অসমবাসীক স্বাস্থ্য বিভাগ অথবা ৰাজ্য চৰকাৰে উদ্ধাৰ কৰিব নোৱাৰিব৷ চৰকাৰ আৰু ৰাইজৰ সহযোগিতাৰেহে মাৰাত্মক ক’ভিড–১৯ৰ ভয়াৱহ ৰূপ প্রতিহত কৰিব পৰা যাব৷

You might also like