নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ জুলাই : আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জুলাই, আহাৰ মাহৰ ২৫ তাৰিখ
শুকুৰবাৰ : তিথি–নৱমী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই

মেষ : আজি ক’ৰবাত যাত্রা কৰিব হ’লে দিনৰ ১২বজাৰ পাছতহে যাত্রা কৰিব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত শুভ৷ প্রেমত সন্দেহ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা – ৫৷

বৃষ : আজি কর্মক্ষেত্রত জটিলতা আছে৷ আজি পুৰণি কিবা কামৰ চেষ্টাৰ সুফল পাব৷ ভ্রমণ নকৰাই ভাল৷ প্রেমত শুভ৷ বিদ্যাত উন্নতি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

মিথুন : অন্য দিনৰ তুলনাত আজিৰ দিনটো শুভ। সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ কৰিব৷ পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে৷ আনৰ প্রতি দায়বদ্ধ হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা – ৯।

কর্কট : আজি দিনটোৰ প্রথম ভাগত ভ্রমণ কৰিব পাৰে৷ ব্যৱসায়ত শুভ৷ নতুন কোনো কামৰ সুযোগ লাভ কৰিব পাৰে৷ বিদ্যাত মধ্যম৷ পানীৰ পৰা সাৱধান৷ অত্যধিক চিন্তা-ভাবনা নকৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা – ৪।

সিংহ : আজি কর্মত সফলতা পোৱাৰ বাবে কঠোৰ পৰিশ্রম কৰিব লাগিব৷ আর্থিক সমস্যা আছে৷ সামাজিক দিশত শুভ৷ সন্তানৰ শুভ৷ ছাত্র–ছাত্রীসকলৰ বাবে নতুন সুযোগ লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷

কন্যা : আজি দাম্পত্য জীৱনত মতানৈক্য আৰু জটিল হোৱাৰ আশংকা দেখা যায়৷ দিনটোত খং দমন কৰিলে শুভ ফলদায়ক হ’ব৷ আর্থিক দিশত মধ্যম৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ ৰংবগা, শুভ সংখ্যা – ৭।

তুলা : আজি কর্মক্ষেত্রত উন্নতি হ’ব৷ সন্তানৰ কর্মলাভৰ যোগ৷ কোনো সমস্যা সমাধান হোৱা দেখা যায়৷ আনৰ কথাত বেছি মনোযোগ নিদিব৷ বিদ্যাত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷

বৃশ্চিক : আজি বিদ্যার্থীৰ শুভ৷ ব্যৱসায়ত প্রচুৰ শ্রমৰ আৱশ্যক আছে৷ দিনটোত বিশেষ প্রয়োজন নাথাকিলে ভ্রমণ নকৰিব৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৩৷

ধনু : আজি কর্মস্থানত যোগ্যতা বজাই থাকিব আৰু সামাজিক কর্মত শুভ ফল পাব৷ কোনো পুৰণি ৰোগৰ উপশম হোৱা দেখা যায়৷ বিদ্যাত সুফল পাব৷ বিবাহৰ সংযোগ হ’ব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা – ৬।

মকৰ : আজি বিদ্যার্থীৰ আৰু কর্মপ্রার্থীৰ বাবে শুভ৷ আর্থিক দিশত শুভ৷ ভ্রমণত বাধা হ’ব পাৰে৷ পুৰণি বন্ধুৰ সৈতে লগ পোৱাৰ সুযোগ৷ শুভ ৰং ক’লা, শুভ সংখ্যা – ১।

কুম্ভ : আজি পাৰিবাৰিক দিশত শুভ৷ শৰীৰৰ স্বাস্থ্যৰ প্রতি নজৰ দিয়া ভাল৷ খৰচ বৃদ্ধি হ’ব পাৰে৷ ব্যৱসায়ত বাধা৷ মাতৃৰ আৰোগ্য লাভ৷ শুভ ৰং কমলা, শুভ সংখ্যা–৮৷

মীন : আজি আর্থিক আদান-প্রদান সতর্কভাৱে কৰিব৷ বিদ্যাত বাধা৷ প্রেমত অশুভ৷ সামাজিক ক্ষেত্রত মান-সন্মান লাভৰ যোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা – ১।

You might also like