নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট-ডিব্ৰুগড়-শিলচৰৰ পৰা নতুন বিমান সংযোগ

দিল্লীত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-ডিব্ৰুগড়-শিলচৰৰ পৰা নতুন বিমান সংযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ‘ : দিল্লীত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। উত্তৰ-পূবত বিমান সংযোগ সম্প্ৰসাৰণৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰে আলোচনা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ।

আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সন্দৰ্ভতো বিতং আলোচনা কৰা হয়। শীঘ্ৰে আৰম্ভ হ’ব শিলচৰৰ গ্ৰীনফিল্ড বিমানবন্দৰৰ কাম। এই বৰ্ষৰ পৰাই কাম আৰম্ভ হোৱাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা হয় সাক্ষাতত।

ইফালে ৰূপসী বিমানবন্দৰ সম্প্ৰসাৰণৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে যোৰহাট, ডিব্ৰুগড়, শিলচৰৰ পৰা হ’ব নতুন বিমান সংযোগ সন্দৰ্ভত বিতং আলোচনা কৰা বুলি জানিব পৰা গৈছে।

You might also like