নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাশা পূৰণ–সামাজিক ন্যায় প্রতিষ্ঠাত দৃঢ় পদক্ষেপ ড০ শর্মা চৰকাৰৰ

নতুন চৰকাৰে ৰাজ্যবাসীলৈ আনিছে আশাৰ বতৰা

উৎপল চক্রৱর্তী

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে ইতিমধ্যে ৭ মাহ ২১ দিন সম্পূর্ণ কৰিলে৷ যোৱা ১০ মে’ত ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে ড০ শর্মাই শপতগ্রহণ কৰাৰ মুহূর্তৰ পৰাই জনসাধাৰণৰ প্রত্যাশা পূৰণ আৰু সামাজিক ন্যায় প্রতিষ্ঠাৰ ক্ষেত্রত অহৰহ কাম কৰি অহা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে এই তাকৰীয়া সময়ছোৱাৰ ভিতৰতে চৰকাৰখনে এইক্ষেত্রত যথেষ্ট যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত ড০ শর্মাৰ অন্যতম নির্বাচনী প্রতিশ্রুতি আছিল চৰকাৰ গঠন কৰাৰ এবছৰৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰিত নিয়োগ কৰিব৷ ইতিমধ্যে সেই প্রতিশ্রুতি ৰূপায়ণৰ বাবে চৰকাৰে হাতে–কামে কার্যক্ষেত্রত নামি পৰিছে৷ তৃতীয় আৰু চতুর্থবর্গৰ পদসমূহ কেন্দ্রীয়ভাৱে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি প্রার্থী বাছনি কৰিবৰ বাবে নিয়োগ আয়োগ গঠনৰ বাবে অসম বিধানসভাৰ সদ্যসমাপ্ত শীতকালীন অধিৱেশনত এখন আইন প্রণয়ন কৰে৷ সদনৰ মজিয়াত মুখ্যমন্ত্রী ড০ শর্মাই অহা ১০ মে’ৰ পূর্বেই ৫০ হাজাৰক নিযুক্তি দিব বুলিও ঘোষণা কৰিছে৷ তদুপৰি সেই প্রতিশ্রুতি ৰূপায়ণৰ অংশ হিচাপে গৃহ বিভাগত ১৫ হাজাৰটা, শিক্ষা বিভাগত ২৩,৫১৫টা, স্বাস্থ্য বিভাগত ৮,৮৫৫টা পদত নিযুক্তি প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্য চৰকাৰখনে ১০টা নতুন বেটেলিয়ন গঠনকে ধৰি ৪৫টা বিভাগত ১,০০,৩৪৩টা পদত নিযুক্তিৰ বাবে লক্ষ্য স্থিৰ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে পূর্বৰ চৰকাৰসমূহে বিভিন্ন সময়ত চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল৷ কিন্তু বিভাগে বিভাগে খালী পদ পূৰণৰ বাবে বিজ্ঞাপন দিয়া, সাক্ষাৎকাৰ অনুষ্ঠিত কৰা আদি পদক্ষেপে এটা সময়ত ক’ৰবাত নহয় ক’ৰবাত বেমেজালিৰ সৃষ্টি কৰিছিল৷ ফলত সেই লক্ষ্যত চৰকাৰ উপনীত হ’ব পৰা নাছিল৷ নিযুক্তিৰ ক্ষেত্রত পূর্বৰ অভিজ্ঞতাৰ পৰিপ্রেক্ষিতত চৰকাৰে এইবাৰ সুচাৰুৰূপে আৰু স্বচ্ছতাৰে নিযুক্তি দিয়াৰ বাবে নিয়োগ আয়োগ গঠন কৰাটো নিঃসন্দেহে এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্ণিত হোৱাই নহয়, ড০ শর্মা চৰকাৰৰ এইক্ষেত্রত থকা আন্তৰিকতা আৰু দায়বদ্ধতাকেই সূচাইছে৷

সেইদৰে যোৱা নির্বাচনৰ সময়ত আন এটা নির্বাচনী প্রতিশ্রুতি আছিল মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই৷ এইক্ষেত্রতো চৰকাৰখনে যোৱা ৭টা মাহতে সেই দায়বদ্ধতা পালন কৰা দেখা গৈছে৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা ২৪ লাখ মহিলাক চৰকাৰে দুটা গোটত বিভক্ত কৰি প্রতিশ্রুতি ৰূপায়ণৰ পদক্ষেপ লয়৷ যিসকল মহিলাই মাইক্র’ ফাইনেঞ্চৰ ঋণ লৈ নিয়মিত ৰূপত কিস্তিৰ ধন পৰিশোধ কৰি আছে, তেনেধৰণৰ ১১ লাখ মহিলাক চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে উদগনিমূলক হিচাপে সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত আদায় দিয়াৰ ব্যৱস্থা কৰে৷ এই পর্যায় সামৰণি পৰাৰ পাছতেই যিসকল মহিলাই মাইক্র’ ফাইনেঞ্চৰ ঋণৰ কিস্তি পৰিশোধ কৰিব পৰা নাই, তেওঁলোকৰ পৰা আবেদন গ্রহণ কৰি তেওঁলোকৰ ঋণৰ ধন বেংকক আদায় দি শংকামুক্ত কৰিব৷ চৰকাৰৰ এই পদক্ষেপে মাইক্র’ ফাইনেঞ্চৰ ঋণগ্রস্ত মহিলাসকলক সাংঘাটিক সকাহ দিব৷ সেইদৰে ৰাজ্যখনৰ আন এক সমস্যা হৈছে– ভূমি সমস্যা৷ ভূমিৰ তথ্য আজিলৈকে ডিজিটাইজেচন হোৱা নাই৷ তদুপৰি বছৰ বছৰ ধৰি নামজাৰি, মাটিৰ পট্টা আদিও নোহোৱাকৈ আছে৷ ৰাজহ বিভাগত চলি অহা এনে ব্যৱস্থাপনাৰ বাবে বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ সহযোগত দালালৰাজ বিৰাজ কৰি আহিছে৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ গ্রহণৰ কেইটামান মাহৰ ভিতৰতে একেনিশাৰ ভিতৰতে সমগ্র ৰাজ্যখনত দালালৰ বিৰুদ্ধে অভিযান চলায় আৰু ৭০০ৰো অধিক মাটিৰ দালাল গ্রেপ্তাৰ হয়৷

ৰাজহ বিভাগত চলি অহা দালালৰাজৰ অৱসানৰ লগতে মাটিৰ সকলো সমস্যা সমাধান আৰু তথ্য ডিজিটাইজেচন কৰাৰ বাবে যোৱা ২ অক্টোবৰৰ পৰা সমগ্র ৰাজ্যত মিছন বসুন্ধৰা নামেৰে এখন অভিলাষী আঁচনি গ্রহণ কৰে৷ ইতিমধ্যে এই আঁচনিৰ অধীনত ৭,৯১,৪৪৩গৰাকী লোকে বিভিন্ন সমস্যা সমাধানৰ বাবে আবেদন কৰিছে আৰু ইয়াৰে ১,০০,১৮২খন আবেদন নিষ্পতিও হৈছে৷ অহা ১০ মে’ৰ ভিতৰত সকলো সমস্যা সমাধানৰ লক্ষ্য স্থিৰ কৰাটো চৰকাৰখনৰ অন্যতম যুগান্তকাৰী পদক্ষেপ বুলিব লাগিব৷ সেইদৰে চৰকাৰী মাটি আৰু বনাঞ্চলত চলি অহা বেদখল উচ্ছেদৰ ক্ষেত্রতো চৰকাৰখনে যথেষ্ট সাহসী পদক্ষেপ এই চমু কালছোৱাতেই গ্রহণ কৰা দেখা গৈছে৷ গৰুখুঁটিৰ পৰা আৰম্ভ কৰি লামডিং বনাঞ্চললৈ ইতিমধ্যে চৰকাৰে সফলতাৰে বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়৷ এই উচ্ছেদৰ লগে লগে নিজকে ভূমিহীন বুলি সততে দাবী কৰা একাংশ মাতব্বৰ শ্রেণীৰ লোকে যে হাজাৰ হাজাৰ বিঘা চৰকাৰী তথা বনাঞ্চলৰ মাটি দখল কৰি আহিছে, সেই ছবিখন পোহৰলৈ আহিছে৷

ৰাজ্যখনত বেদখলৰ অধিক প্রসাৰতাৰ বাবে হাতী–মানুহৰ সংঘাতো যে চলি আহিছে, সেই ছবিখন পৰিস্ফুট হয় লামডিং সংৰক্ষিত বনাঞ্চলত চলা উচ্ছেদ অভিযানৰ পৰাই৷ সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ অভিযান হৈ যোৱাৰ পাছতেই মুকলি হোৱা স্থানত হাতীৰ বিচৰণ আৰম্ভ হোৱাটোৱেই সেই ছবিখন উন্মোচিত কৰি তুলিছে৷ এক কথাত ক’ব লাগিলে একাংশ লোকৰ বেদখল কার্যৰ বাবেই হাতীয়ে বিচৰণ ভূমি হেৰুৱাই পেলাইছিল আৰু তাৰ বাবেই মানুহৰ সৈতে সংঘাত আৰম্ভ হৈছিল৷ তদুপৰি গৰুখুঁটিত উচ্ছেদ অভিযানৰ পাছতেই সেই অঞ্চলতো কৃষিকার্যৰ বাবে এক প্রকল্প আৰম্ভ কৰাটো ৰাজ্যৰ কৃষিখণ্ডৰ লগতে কৃষিৰ সৈতে স্থানীয় লোকক আকৃষ্ট কৰা পদক্ষেপ সকলোৰে বাবে আদৰণীয় হিচাপে পৰিগণিত হৈছে৷ চৰকাৰী মাটি তথা বনাঞ্চলৰ বেদখলৰ বিৰুদ্ধে অভিযান চলাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰখনে সত্রৰ মাটি বেদখলমুক্ত কৰাৰ বাবে বিধায়ক প্রদীপ হাজৰিকাৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছে৷ চৰকাৰৰ এই পদক্ষেপেও অসমৰ জাতীয় জীৱনৰ অন্যতম ঐতিহ্য বহন কৰি অহা সত্রসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্রত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ শিক্ষাখণ্ডৰ ক্ষেত্রতো বর্তমানৰ চৰকাৰখনে ৭টা মাহৰ ভিতৰতে যথেষ্ট কাম কৰা দেখা গৈছে৷

বিভিন্ন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ লগতে নতুন নতুন ইঞ্জিনীয়াৰিং কলেজ, মেডিকেল কলেজ স্থাপনৰ বাবে পদক্ষেপ লৈছে৷ ইয়াতকৈ গুৰুত্বপূর্ণ সিদ্ধান্ত হৈছে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানক প্রত্যাহ্বান জনাব পৰাকৈ চৰকাৰী শিক্ষাখণ্ডক সকলো দিশৰ পৰা উন্নত কৰা৷ অসমত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আগবাঢ়ি যোৱাৰ অন্যতম কাৰণ হৈছে সেইসমূহ শিক্ষানুষ্ঠানৰ সিংহভাগেই ইংৰাজী মাধ্যমৰ চি বি এছ ইৰ পাঠ্যক্রমৰ৷ সন্তানৰ ভৱিষ্যতৰ স্বার্থতেই বহু অভিভাৱকে ইংৰাজী মাধ্যমৰ চি বি এছ ইৰ পাঠ্যক্রমত সন্তানসকলক শিক্ষাদানৰ পোষকতা কৰে৷ বর্তমানৰ ৰাজ্য চৰকাৰে হয়তো তেনে দিশলৈ চকু দিয়েই এতিয়া ১২৬টা বিধানসভা সমষ্টিতেই একোখনকৈ চি বি এছ ইৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ বিধানসভাৰ শীতকালীন অধিৱেশনত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্রকাশ কৰিছে৷ অৱশ্যে চৰকাৰখনে যে ইংৰাজী মাধ্যমৰ চি বি এছ ই বিদ্যালয় স্থাপনতেই গুৰুত্ব দিছে তেনে নহয়, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহো আন্তঃগাঁথনিকে ধৰি সকলো দিশৰ পৰা শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত বর্তমানৰ ৰাজ্য চৰকাৰে অহা ৫, ৬, ৭ এপ্রিল আৰু ২০, ২১, ২২ এপ্রিলত দুটা পর্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰি ছাত্র–ছাত্রীৰ লগতে শিক্ষক–শিক্ষয়িত্রীস গুণগত মান নিৰূপণ কৰাৰ ব্যৱস্থা কৰাটো অন্যতম দিশ বুলিব পাৰি৷ গো–সুৰক্ষা, মানৱ সৰবৰাহ আদি ৰোধৰ ক্ষেত্রতো যোৱা ৭টা মাহত ড০ শর্মা চৰকাৰে সাহসিকতাৰে যথেষ্ট কঠোৰ পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷

সেইদৰে অসমৰ সমাজ জীৱন ধ্বংস কৰাই নহয়, যুৱ প্রজন্মক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া ড্রাগ্ছৰ বিৰুদ্ধেও দায়িত্বভাৰ গ্রহণৰ দিনটোৰ পৰাই মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে আপোচবিহীনভাৱে অভিযান চলাই অহাৰ বিষয়ে সকলোৱে দেখিছে৷ ড্রাগ্ছৰ ভয়াৱহতাৰ বাবেই এমাহ পূর্বে যোৰহাটত দিন–দুপৰতে অনিমেষ ভূঞা নামৰ নিৰীহ যুৱক এজন আক্রমণৰ সন্মুখীন হৈ অকাল মৃত্যুক সাবটি ল’বলগীয়া হয়৷ মহাব্যাধি ড্রাগ্ছে ৰাজ্যখন এনেধৰণে ছানি ধৰিছে যে এতিয়াও প্রতিদিনে আৰক্ষীৰ অভিযানত ড্রাগ্ছ উদ্ধাৰ হৈয়েই আছে৷ এয়া নিঃসন্দেহে অসমীয়া সমাজ জীৱনৰ বাবে এক ভয়ানক দিনৰ আগজাননী৷ ড্রাগ্ছৰ সৰবৰাহ আৰু প্রচলন ৰোধৰ ক্ষেত্রত অকল চৰকাৰ–প্রশাসনেই নহয়, প্রতিজন অসমবাসী সজাগ, সচেতন হৈ ঐক্যবদ্ধভাৱে সেই মহাব্যাধিৰ বিৰুদ্ধে যুঁজ দিলেহে চৰকাৰখনে ড্রাগ্ছমুক্ত অসম গঢ়াৰ যি সংকল্প লৈছে, সেয়া বাস্তৱায়িত হ’ব৷ সেইদৰে অসমৰ সমাজ জীৱন কলুষিত কৰি অহা আন এক বৰবিহ হৈছে মদ৷ প্রতিবছৰে নৱবর্ষ আদৰাৰ নামত ৩১ ডিচেম্বৰৰ নিশা আৰু ১ জানুৱাৰীৰ দিনটোত বহু দুর্ঘটনা সংঘটিত হয়৷ মূলতঃ সুৰাপান কৰি যান–বাহন চলোৱাৰ বাবেই তেনে দুর্ঘটনা প্রতিবছৰে সংঘটিত হৈ আহিছে৷ বর্তমানৰ মুখ্যমন্ত্রী ড০ শর্মাই এই বিষয়টো সামাজিক দায়বদ্ধতাৰ বিষয় হিচাপে লৈ ইতিমধ্যে সুৰাপান কৰি যান–বাহন চলোৱা বন্ধ কৰা আৰু অত্যধিক গতিবেগত যান–বাহন চলোৱাৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰা দেখা গৈছে৷ ড০ শর্মা চৰকাৰে এইক্ষেত্রত গ্রহণ কৰা এই কঠোৰ পদক্ষেপে যে বহুতৰে অমূল্য জীৱন বচাব আৰু একো একোটা পৰিয়াললৈ সেই নির্দিষ্ট দিনটোত অহা গভীৰ শোকৰ পৰা পৰিত্রাণ দিব, তাত কোনো সন্দেহ নাই৷

You might also like