নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুদ্ধি থাপালৈ ২০২১ বর্ষৰ প্রণৱ বৰুৱা বঁটা

নাগালেণ্ডৰ প্রসিদ্ধ চিত্রশিল্পী

 

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ বছৰৰ অন্তিমটো দিনত ঘোষণা কৰা হ’ল চলিত বর্ষৰ প্রণৱ বৰুৱা বঁটা৷ ঘোষণা অনুসৰি ২০২১ চনৰ প্রণৱ বৰুৱা শিল্পী বঁটা নাগালেণ্ডৰ প্রসিদ্ধ চিত্রশিল্পী বুদ্ধি থাপালৈ আগবঢ়োৱা হৈছে৷ চিত্রকলা চর্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষার্থ কৰা প্রয়াত চিত্র শিল্পী প্রণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কর্যৰ ক্ষেত্রত জীৱনজোৰ সাধনাৰ স্বীকৃতিস্বৰূপে প্রতিবছৰে উত্তৰ–পূর্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে৷ ২০০২ চনৰ পৰা প্রৱর্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্রহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেন সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জিতেন হাজৰিকা, জনক ঝংকাৰ নার্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্রহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শর্মা, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্র এম থেম, ত্রিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্রশিল্পী ট্লাং ৰখুমা আৰু অৰুণাচল প্রদেশৰ চিত্র আৰু ভাস্কর্য শিল্পী টাকাৰ ৰিবাক প্রদান কৰা হৈছে৷ এই বঁটাত আছে এটা সুদৃশ্য স্মাৰকৰ সৈতে এখন প্রশস্তিপত্র আৰু নগদ ২৫ হাজাৰ টকা৷

উল্লেখ্য যে ১৯৫৩ চনৰ ৬ অক্টোবৰত কহিমাত জন্মগ্রহণ কৰা শিল্পী বুদ্ধি থাপাই কহিমাতে স্কুল আৰু কলেজীয়া শিক্ষা গ্রহণ কৰে৷ ১৯৭৬ চনৰ পৰা ১৯৮১ চনলৈ কলকাতাৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত অধ্যয়ন কৰি তেওঁ সুকুমাৰ কলাৰ স্নাতক ডিগ্রী আহৰণ কৰে৷ তেওঁৰ পিতৃয়ে প্রথম বিশ্বযুদ্ধৰ পাছত ব্রিটিছ সেনাবাহিনীৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ কহিমাতে স্থায়ীভাৱে থাকিবলৈ লয়৷ নগাভূমিতে জন্ম আৰু ডাঙৰ–দীঘল হোৱা বুদ্ধি থাপা স্বাভাৱিকভাৱেই নগাসকলৰ সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰে৷ সুদীর্ঘ কাল নাগালেণ্ডত অব্যাহত বিদ্রোহী কার্যকলাপ, কঠিন সামাজিক–ৰাজনৈতিক পৰিস্থিতি আৰু সাধাৰণ জনতাৰ সুখ–দুখৰ চাক্ষুক অভিজ্ঞতা তেওঁৰ চিত্রকর্মত প্রতিফলিত হৈছে৷ তেওঁৰ‘Cosmic আৰ Mother Nature’ শীর্ষক চিত্রকর্মসমূহৰ লগতে বিভিন্ন নৃগোষ্ঠীয় প্রতিকৃতিসমূহে দেশে–বিদেশে কলা ৰসিকৰ উচ্চ প্রশংসা লাভ কৰিছে৷ ২২খন একক চিত্র প্রদর্শনীৰ উপৰি ৭০খনতকৈও অধিক দলীয় প্রদর্শনী আৰু কর্মশালাত তেওঁ অংশগ্রহণ কৰিছে৷ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ ছিনিয়ৰ ফেল’শ্বিপ লাভ কৰি ২০১৩ চনৰ পৰা ২০১৫ চনৰ কালছোৱাত তেওঁ নগা জনগোষ্ঠীসমূহৰ আকর্ষণীয় সাজসজ্জা আৰু সমৃদ্ধ সাংস্কৃতিক উপাদানসমূহৰ এলানি চিত্র অংকন কৰি বিশেষ সমাদৰ লাভ কৰে৷ নাগালেণ্ডত চিত্র কলা চর্চাৰ এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ প্রয়াস কৰা শিল্পী বুদ্ধি থাপাক ২০২০ চনত নাগালেণ্ড চৰকাৰে ৰাজ্যপালৰ বিশেষ বঁটাৰে সন্মানিত কৰিছে৷

You might also like