নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুচকীয়া বাহন চালকৰ বাবে নতুন নিৰ্দেশনা কামৰূপ (মহানগৰ) পৰিবহনৰ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ মহানগৰীত দুচকীয়া বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা দিলে কামৰূপ জিলা পৰিবহণ বিভাগে। এই নিৰ্দেশনা অনুসৰি দুচকীয়া বাহনত উঠা আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট। নিৰ্দেশনা অনুসৰি হেলমেট পৰিধান নকৰোৱাকৈ আৰোহী কঢ়িয়াই অনা বাইক চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে জৰিমনা বিহা হ’ব।

আনহাতে মহানগৰীত চলাচল কৰা সকলো চিটীবাছৰ মালিকে ৩১ ডিচেম্বৰৰ ভিতৰত আদায় দিব লাগিব পথ কৰ। আজি কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসে এই সম্পৰ্কে ৰাজপথলৈ ওলাই আহি সজাগতা অভিযান চলাই কয় যে চাৰিচকীয়াৰ আৰোহীয়ে ছীট বেল্ট পৰিধান কৰা, দুচকীয়া বাহনত উঠা চালক আৰু আৰোহীয়ে হেলমেট পৰিধান কৰা আৰু সুৰাপান কৰি গাড়ী নচলোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। যদিহে এয়া মনা নহয়, তেন্তে পৰিবহণ বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

You might also like