নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাপ্তবয়স্ক পুৰুষ-নাৰীৰ সহবাসত বাধা নাই

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ দুগৰাকী প্ৰাপ্তবয়স্ক লোকে একেলগে বাস কৰাত কোনো বাধা নাই–এই ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। অলপতে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দানেৰে এহাল পুৰুষ-মহিলাক নিৰাপত্তা দিয়াৰ বাবে নিৰ্দেশ দিছে আৰক্ষীক। একেলগে বাস কৰা লোক দুগৰাকীক পৰিয়ালৰ লোকে হাৰাশাস্তি কৰাৰ বাবে তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

ন্যায়াধীশ অঞ্জনি কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ প্ৰকাশ পেড়িয়াৰ বিচাৰপীঠে এই সন্দৰ্ভত কয়-“সৰ্বোচ্চ ন্যায়ালয়ে এলানি দীঘলীয়া সিদ্ধান্তৰ অন্তত কৈছে যে যদিহে এজন প্ৰাপ্তবয়স্ক ল’ৰা আৰু এজনী ছোৱালীয়ে স্বইচ্ছাৰে একেলগে বাস কৰে, তেন্তে তেওঁলোকৰ পিতৃ-মাতৃকে ধৰি কাৰোৰে হস্তক্ষেপ কৰাৰ অধিকাৰ নাই।”

ফাৰুখাবাদৰ কামিনী দেৱী আৰু অজয় কুমাৰে দাখিল কৰা লেখ আবেদনৰ শুনানিত এনেদৰে ন্যায়ালয়ে মত প্ৰকাশ কৰে।

কামিনী আৰু অজয়ে প্ৰকাশ কৰা অনুসৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছে আৰু দুয়ো প্ৰাপ্তবয়স্ক। বিগত ছয় মাহে তেওঁলোকে একেলগে বাস কৰি আছে। কিন্তু কামিনীৰ পৰিয়ালে তেওঁলোকৰ সহবাসত বাধা প্ৰদান তথা হাৰাশাস্তি কৰি আহিছে।

১৭ মাৰ্চত তেওঁলোকে আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত আদালতৰ দ্বাৰস্থ হয়।

সংবিধানৰ ২১ নং অনুচ্ছেদৰ উদ্ধৃতিৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অঞ্জনি কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ প্ৰকাশ পেড়িয়াৰ বিচাৰপীঠে কয় যে দুয়োগৰাকী প্ৰাপ্তবয়স্ক লোকে একেলগে বাস কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু তাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে।

You might also like