সংক্রমণ হ্রাস নোপোৱা কাছাৰ–নগাঁও- তিনিচুকীয়া–ডিব্রুগড়ত কঠোৰ নিৰীক্ষণ
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ৰাজ্যৰ সামগ্রিক ক’ভিড পৰিস্থিতি পর্যালোচনাৰ পিছত পূর্বে আৰোপ কৰা নিষেধাজ্ঞা পুনৰ কিছু পৰিমাণে শিথিল কৰিছে ৰাজ্য চৰকাৰে৷ জিলা ভিত্তিক ক’ভিড পৰিস্থিতিৰ পর্যালোচনাৰ পিছত ৰাজ্য চৰকাৰে প্রকাশ কৰা নতুন এছঅ’পি অনুসৰি জিলাভেদে এইবাৰ সুকীয়া হ’ব নীতি–নির্দেশনা৷
সেই অনুসৰি ক’ভিডৰ সংক্রমণে এতিয়াও গুৰুতৰ ৰূপ ধাৰণ কৰি থকা ৫খন জিলাত কঠোৰভাৱে নিৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে৷ মঙলবাৰে প্রকাশ কৰা এছ’পি অনুসৰি ক’ভিডে জটিল ৰূপ ধাৰণ কৰা কাছাৰ, তিনিচুকীয়া, ডিব্রুগড়, শোণিতপুৰ আৰু নগাঁৱত অহা ২১ জুনলৈ কঠোৰ নিৰীক্ষণ কৰা হ’ব৷ এই জিলাকেইখনত ২১ জুন পর্যন্ত ক’ভিড পৰিস্থিতি উন্নত নহ’লে পৰৱর্তী সময়ত অধিক কঠোৰ নীতি–নির্দেশনা জাৰি কৰা হ’ব বুলি উল্লেখ কৰা হৈছে নতুন এছঅ’পিত৷
অহা ২২ জুনলৈ বলৱৎ হ’বলগীয়া এই নতুন এছঅ’পি অনুসৰি কামৰূপ মহানগৰ জিলাত হ্রাস কৰা হৈছে সান্ধ্য আইনৰ সময়৷ আজিৰ পৰা বলৱৎ হ’বলগীয়া এই নতুন নিয়ম অনুসৰি কামৰূপ মহানগৰ জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ পূর্বে এই জিলাখনত দিনৰ ১ বজাৰ পৰাই বলৱৎ কৰা হৈছিল সান্ধ্য আইন৷ তদুপৰি কামৰূপ মহানগৰ জিলাত চৰকাৰী–বেচৰকাৰী কার্যালয়, দোকান–পোহাৰ, ধাবা–ৰেষ্টুৰেণ্ট আদি দিনৰ ১ বজালৈ খোলা ৰাখিব পাৰিব৷ সেইদৰে ধাবা আৰু ৰেষ্টুৰেণ্টসমূহে দিনৰ ২ বজালৈ টেক এৱে’ৰ জৰিয়তে খাদ্য যোগান ধৰিব পাৰিব৷ অৱশ্যে ক’ল্ড ষ্টোৰেজ আৰু ৱেৰহাউছসমূহৰ বিক্রী কেন্দ্র আৰু শ্ব’ৰুম দিনৰ ১ বজালৈ খোলা ৰাখিব পাৰিব কামৰূপ মহানগৰ জিলাত৷
ইপিনে, বিগত ১০ দিন ধৰি একেৰাহে ৪০০তকৈ কম লোক ক’ভিডত আক্রান্ত হোৱা মুঠ ৮খন জিলাত নিষেধাজ্ঞা সালসলনি কৰা হৈছে৷ এই জিলাকেইখন হৈছে– দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কার্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউ৷ এই জিলাসমূহত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ নাথাকিব কোনো নিষেধাজ্ঞা৷ অর্থাৎ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈহে উক্ত জিলাকেইখনত সান্ধ্য আইন বলৱৎ হৈ থাকিব৷ তদুপৰি এই আঠখন জিলাত চৰকাৰী–বেচৰকাৰী কার্যালয়, দোকান–পোহাৰ, ধাবা–ৰেষ্টুৰেণ্ট, ক’ল্ড ষ্টোৰেজ আৰু ৱেৰহাউছসমূহৰ বিক্রী কেন্দ্র তথা শ্ব’ৰুমসমূহ দিনৰ ৪ বজালৈ খোলা ৰাখিব পাৰিব৷ ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহৰ পৰা ৫ বজালৈ গ্রাহকসকলে খাদ্য ক্রয় কৰি লৈ যাব পাৰিব৷ এই জিলাসমূহৰ বাহিৰে আন জিলাসমূহত পূর্বৰ দৰে নিষেধাজ্ঞা বাহাল থাকিব৷ অর্থাৎ কামৰূপ মহানগৰ জিলা, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কার্বি আংলং, ডিমা হাছাও আৰু চৰাইদেউৰ বাহিৰে আন জিলাসমূহত দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, ধাবা–ৰেষ্টুৰেণ্ট আদি দিনৰ ১২ বজালৈ খোলা ৰাখিব পাৰিব৷ এই জিলাসমূহত পূর্বৰ দৰে দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷
আনহাতে, অহা ২২ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত৷ ইপিনে, ভেকচিনৰ দুটা ড’জ গ্রহণ কৰা চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ কর্মচাৰীসকলৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে নতুন এছ’পিত৷ ইয়াৰ বাহিৰে চৰকাৰী আৰু অর্ধ–চৰকাৰী কার্যালয়সমূহত উপ–সচিব বা ইয়াতকৈ ওপৰৰ পদ–মর্যাদাৰ বিষয়ববীয়াসকলে কার্যালয়ত উপস্থিত থাকিব লাগিব৷ গর্ভৱতী মহিলা কর্মচাৰী আৰু ৫ বছৰৰ তলৰ বয়সৰ শিশু থকা মহিলাসকলে ঘৰৰ পৰাই কাম কৰিব পাৰিব৷ চৰকাৰী–বেচৰকাৰী ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ক’ভিড প্রট’কল কঠোৰভাৱে মানি চলিব লাগিব৷
অট’ৰিক্সা, ৰিক্সা আৰু টেক্সিত চালকৰ বাহিৰে দুজন যাত্রী উঠিব পাৰিব৷ দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন যাত্রী উঠাত সম্পূর্ণ নিষেধাজ্ঞা বাহাল থাকিব৷ সকলো ধৰণৰ শৈক্ষিক প্রতিষ্ঠান বন্ধ ৰাখিব লাগিব৷ এই সময়ছোৱাত খোলা অথবা বন্ধ স্থানত কোনোধৰণৰ সভা–সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব৷ বিবাহ অনুষ্ঠানত সর্বাধিক ১০জন ব্যক্তিৰ উপস্থিতিৰে ধর্মীয় ৰীতি–নীতি পালন কৰিব পাৰিব৷ কোনোধৰণৰ অভ্যর্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷ শেষকৃত্য অনুষ্ঠানত সর্বাধিক ১০জন লোক উপস্থিত থাকিব পাৰিব৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব ধর্মীয় অনুষ্ঠান৷ পূর্বৰ দৰেই এই সময়ছোৱাত বাহাল থাকিব যুগ্ম–যুগ্ম নম্বৰৰ বাহনৰ চলাচলৰ নিয়ম৷