নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিকৰ বটলৰ নাৱেৰে ব্রহ্মপুত্রৰ বুকুত শিহৰণকাৰী যাত্রা

১৬০০টা প্লাষ্টিকৰ বটলেৰে নির্মাণ কৰিছে নাও

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ এক দুঃসাহসিক তথা ৰোমাঞ্চকৰ যাত্রা৷ নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি৷ ভৰ বাৰিষাৰ আৰম্ভণিত ওফন্দি উঠা বিশাল ব্রহ্মপুত্রৰ বুকুত এক দুঃসাহসিক শিহৰণকাৰী যাত্রা কৰাৰ প্রয়াস কৰিছে ডিব্রুগড়ৰ উদ্যমী যুৱক ধীৰাজ বিকাশ গগৈয়ে৷ এই যাত্রা কোনো নাও বা জাহাজ, বাঁহ বা কলৰ ভূৰেৰে নহয়৷ ব্রহ্মপুত্রৰ প্রচণ্ড ঢৌৰ মাজত, ভৰ বাৰিষা, ৰ’দ–বৰষুণ, বতাহ–ধুমুহাৰ মাজেৰে এই দুঃসাহসিক তথা শিহৰণকাৰী যাত্রা হ’ব কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত৷

পেলনীয়া পানীৰ বটলেৰে ডিব্রুগডত ধীৰাজ বিকাশ গগৈয়ে বিশেষভাৱে নির্মাণ কৰি উলিয়াইছে এখন বিশেষ নাও৷ প্লাষ্টিকৰ পেলনীয়া বটলৰ জৰিয়তে নির্মাণ কৰা বিশেষ নাৱৰ সহায়ত দুঃসাহসিক যাত্রা কৰা অসমত এয়ে হ’ব প্রথম৷ বাৰিষা ওফন্দি উঠা মহাবাহু ব্রহ্মপুত্রৰ বুকুৱেদি ডিব্রুগডৰ বগীবিল দলং প্রাংগণৰ পৰা সুদূৰ নদীদ্বীপ মাজুলীলৈকে এক দুঃসাহসিক যাত্রাৰ বাবে সাজু হৈছে ধীৰাজ বিকাশ গগৈ নামৰ উদ্যমী যুৱকজন৷ ‘প্লাষ্টিকমুক্ত ব্রহ্মপুত্র’ আৰু ‘নদী পর্যটন’ক থীম হিচাপে লৈ ডিব্রুগড় বগীবিলৰ পৰা নদীদ্বীপ মাজুলীলৈ যাত্রা কৰিব তেওঁ৷ বগীবিলৰ অপৰূপ সৌন্দর্যস্থলীত বনভোজ খাই এৰি যোৱা প্লাষ্টিকৰ বটলসমূহ বিগত তিনি মাহে বুটলি প্রায় ১,৬০০টা এক লিটাৰ আৰু আধা লিটাৰ বটলৰ জৰিয়তে যুৱকজনে নির্মাণ কৰি উলিয়াইছে এই দৃষ্টিনন্দন প্লাষ্টিকৰ বটলৰ নাওখন৷

প্রতিবছৰে বগীবিলত বনভোজ খাবলৈ আহি পানীৰ বটলসমূহ পেলাই সমগ্র অঞ্চল প্রদূষিত কৰাৰ লগতে আৱর্জনাৰ সৃষ্টি কৰিছিল৷ তদুপৰি নদীত বটল, প্লাষ্টিকৰ পেকেট পেলোৱাত জার্মানীৰ এগৰাকী পর্যটকে অত্যন্ত দুখ প্রকাশ কৰিছিল৷ সেয়ে উদ্যমী যুৱক ধীৰাজ বিকাশে স্থিৰ কৰিছিল ব্রহ্মপুত্রক প্লাষ্টিকমুক্ত কৰাৰ৷ তাৰ পিছতে প্রায় ২ হাজাৰ পানীৰ বটল বগীবিলৰ পিকনিকস্থলীৰ পৰাই সংগ্রহ কৰি মাত্র সাত দিনতে কেৱল তিনিশ টকা ব্যয়েৰে ১১ ফুট দীঘল আৰু প্রায় ৪ ফুট বহল এক প্লাষ্টিকৰ নাও সাজি উলিয়ায়৷ ৪৫ কেজি ওজনৰ এই নাওখনে ছগৰাকী মানুহৰ বহন ক্ষমতা আছে যদিও যাত্রাৰ সময়ত ধীৰাজৰ স’তে মাত্র দুজন লোকহে দুঃসাহসিক যাত্রাৰ অংশীদাৰ হ’ব বুলি ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়ে৷

পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি নাও নির্মাণৰ জৰিয়তে যুৱকজনৰ সৃজনশীল পদক্ষেপ তথা প্লাষ্টিকজাতীয় সামগ্রীৰ সঠিক নিষ্কাশনৰ ক্ষেত্রত এক অতি উপযোগী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি৷ পেলনীয়া প্লাষ্টিকৰ বটলৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে নির্মাণ কৰা এই পদ্ধতিৰে নিশ্চিতভাৱে সকলোকে এক সাকাৰাত্মক দিশত প্লাষ্টিকৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰিব বুলিও আশা কৰা হৈছে৷

উল্লেখ্য যে প্লাষ্টিক পচি মাটিৰ সৈতে মিলি যাবলৈ প্রায় ৪৫০ বছৰৰ প্রয়োজন আৰু এই প্লাষ্টিকে মাটিৰ উর্বৰা শক্তি সম্পূর্ণৰূপে নষ্ট কৰি পেলায়৷ গতিকে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে প্রকৃতিৰ ওপৰত পৰা বিৰূপ প্রভাৱ ৰোধ কৰাৰ ক্ষেত্রতো বহু সহায়ক হ’ব এনে কার্যৰ জৰিয়তে৷ নাওখন কেইবাটাও তৰপত বটলসমূহ বিজ্ঞানসন্মতভাৱে লগোৱা হৈছে৷ যাৰ সহায়ত তলৰ পানী তথা কোবাল ঢৌৱে নাওখন ওপৰলৈ উঠি আহিব নোৱাৰে৷

ভৰ বাৰিষাৰ সময়তো ৬গৰাকী যাত্রী কঢ়িয়াই লৈ যাব পৰা নাওখনৰ জৰিয়তে যুৱকজন প্লাষ্টিকমুক্ত ব্রহ্মপুত্রৰ বার্তা লৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ হ’লেই মাজুলীলৈ যাত্রা কৰিব বুলি ‘নিয়মীয়া বার্তা’ক জনাইছে৷

You might also like