নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মুকলি নিউ ট্রায়াম্ফ স্পীড ৪০০

বিশেষ বাৰ্তা, ২৬ জুলাইঃ যোৱা সপ্তাহত লণ্ডনত মুকলি কৰাৰ পিছত আজি ভাৰতত মুকলি কৰা হয় নিউ ট্রায়াম্ফ স্পীড ৪০০ আৰু ক্রেমলাৰ ৪০০ এক্স৷ বাজাজ অটো লিমিটেডৰ অকুর্ডি চৌহদ পুনেত আজি মুকলি কৰা হয়৷ দিল্লীত ইয়াৰ এক্স শ্ব’ৰুম মূল্য হ’ব ২,৩৩,০০০ টকা৷ প্রথম ১০,০০০ গ্রাহকৰ বাবে ইয়াৰ বিশেষ উন্মোচনী মূল্য হ’ব ২,২৩০০০ টকা৷ বাজাজ অটো লিমিটেডৰ ইয়াত নতুন চাকান প্লাণ্টত নির্মিত এই নিউ ট্রায়াম্ফ স্পীড ৪০০ এই মাহৰ শেষৰ ফালে ট্রায়াম্ফ এক্সক্লুচিভ শ্ব’ৰুমত উপলব্ধ হ’ব৷ সেইদৰে ক্রেমলাৰ ৪০০ এক্স অক্টোবৰৰ পৰা শ্ব’ৰুমত উপলব্ধ হ’ব আৰু ইয়াৰ বিক্রী মূল্য বিক্রী আৰম্ভৰ পূর্বে ঘোষণা কৰা হ’ব৷ গ্রাহকে অনলাইনযোগেwww.triumphmotorcyclesindia.com/booking বুক কৰিব পাৰিব৷

You might also like