বিশেষ বাৰ্তা, ২৬ জুলাইঃ অসমৰ লোক-সংস্কৃতি জগতৰ বৰেণ্য ব্যক্তিসত্তা উমাকান্ত বৈৰাগীৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুৱে ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে। অসমৰ বৰ্ণিল কলা-সংস্কৃতিৰ অভিন্ন অংগ টোকাৰী গীতৰ ভঁৰাল চহকী কৰি অনবদ্য সৃষ্টিৰাজিৰে সহস্ৰজনক মোহাচ্ছন্ন কৰা বৈৰাগীৰ দেহাৱসান ৰাজ্যবাসীৰ বাবে অপূৰণীয় ক্ষতি। নিৰলস প্ৰচেষ্টাৰে অসমৰ লোক-সংস্কৃতিৰ পথাৰখন জীপাল কৰি যোৱা বিশিষ্ট শিল্পী উমাকান্ত বৈৰাগীৰ প্ৰয়াণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
Prev Post
Next Post
You might also like