মিছামাৰীত নৱনিৰ্মিত লাইব্ৰেৰী-ডিজিটেল শিক্ষাৰ শ্ৰেণীকোঠা মুকলি
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ৰ অধীনস্থ আৰু বৃহত্তৰ মিছামাৰী অঞ্চলৰ খুটাপোটা প্ৰাথমিক বিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযান মিছনৰ ধনেৰে নিৰ্মাণ কৰা লাইব্ৰেৰীৰ সৈতে ডিজিটেল শিক্ষাৰ ব্যৱস্থা থকা ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে৷ বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ কৰ্মকৰ্তা, আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি, ৰাইজ আদিৰ উপস্থিতিত ১৫, ৬৮,০০০ টকীয়া ভৱনটো ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে স্থানীয় বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে৷ নৱনিৰ্মিত ভৱন শুভ উন্মোচনৰ পাছতে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰতন সাহাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সচিব তথা প্ৰধান শিক্ষক ৰঞ্জন বৰঠাকুৰৰ উদ্দেশ্য ব্যাখ্যা আৰু সম্বৰ্ধনা অনুষ্ঠানৰে আৰম্ভ হোৱা সভাখনত অংশগ্ৰহণ কৰি বিধায়ক গণেশ লিম্বুকে আদি কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বিদ্যালয় খনৰ আন্তঃগাঁথনি, বিদ্যালয় খনৰ শৈক্ষিক আৰু সৌষ্ঠব পৰিৱেশ, বিদ্যালয় পৰিচালনা সমিতি, ৰাইজ, অভিভাৱক সকল বিদ্যালয় খনৰ প্ৰতি দেখুওৱা সহযোগিতাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ৷ উল্লেখ্য যে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিহগুৰি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ দাসে নিজৰ ভাষণত কয়- খুটাপোটা প্ৰাথমিক বিদ্যালয়খন এখন চৰকাৰী বিদ্যালয়, তেনে বিদ্যালয়ৰ দৰে বহু বিদ্যালয় আছে কিন্তু খুটাপোটা প্ৰাথমিক বিদ্যালয়ৰ দৰে পৰিৱেশ, ৰাইজৰ সহযোগিতা অন্য বিদ্যালয়ত খুউব কমেই দেখিবলৈ পোৱা যায় বুলি নিজৰ ভাষণত উল্লেখ কৰে ৷ তেওঁ নিজৰ ভাষণত বিদ্যালয় খনত ছাত্ৰছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলে পকেটৰ ধন খৰচ কৰি দুজনকৈ শিক্ষিত মহিলাক পাঠদান কাৰ্যত নিয়োগ কৰা কাৰ্যক প্ৰশংসা কৰে ৷ আনহাতে শিক্ষক শিক্ষয়িত্ৰী সকলক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীক পাঠদান কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানৰ বিপৰীতে বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰ্যালয়ৰ নীতি নিৰ্দেশনা পালনত অধিক গুৰুত্ব প্ৰদান কৰা কাৰ্যক সমালোচনা কৰে৷ অনুষ্ঠানটোৰ মুখ্য অতিথি বিধায়ক গণেশ লিম্বুৱে তাহানিৰ শিক্ষা ব্যৱস্থা আৰু আজিৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি সাৱলীল ভাষণ প্ৰদান কৰে৷ তেওঁ ভাষণত কয়- চৰকাৰে আৰম্ভ কৰা ছাত্ৰছাত্ৰী অনুপাতে শিক্ষকৰ সমবিতৰণ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিলে চৰকাৰী বিদ্যালয় সমুহত চলি থকা শিক্ষকৰ অভাৱনীয় সমস্যা নিশ্চয়কৈ দূৰ হ’ব ৷ ছাত্ৰছাত্ৰী সকলৰ শৈক্ষিক দিশটো সঠিকভাৱে আগুৱাই লৈ যাবলৈ হলে বিদ্যালয়ত শিক্ষক আৰু ঘৰত পিতৃমাতৃসকলৰ গুৰুত্ব নিতান্তই প্ৰয়োজন আছে বুলি তেওঁ নিজৰ বক্তব্যত উল্লেখ কৰে ৷ তেওঁ লগতে কয়- প্ৰাথমিক শিক্ষাই ছাত্ৰছাত্ৰী সকলৰ শিক্ষাৰ আৰম্ভণি ৷ গতিকে ছাত্ৰছাত্ৰী সকলক প্ৰাথমিক বিদ্যালয়ত যদি ভালদৰে পাঠদান দিয়া নহয়, পাঠ্যপুথিৰ বিষয়বস্তু যদি তেওঁলোকে ভালদৰে আহৰণ কৰিব নোৱাৰে বা বুজি নাপায় তেতিয়াহলে তেওঁলোকৰ শিক্ষা আধৰুৱা হৈ ৰ’ব আৰু পাছলৈ তেওঁলোকৰ জীৱনত অসুবিধা আহি পৰিব পাৰে বুলি বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিধায়ক গণেশ লিম্বুৱে শেষত কয়- যিহেতু বিদ্যালয় খনত লাইব্ৰেৰী আৰু ডিজিটেল শিক্ষাৰ ব্যৱস্থা হ’ল গতিকে ছাত্ৰছাত্ৰী সকলক বিদ্যালয়ৰ পাঠ্যপুথিৰ উপৰি আজৰি পৰত লাইব্ৰেৰীৰ কিতাপ পঢ়াত আগ্ৰহী কৰাবলৈ শিক্ষক আৰু অভিভাৱক সকলক কাতৰ আহ্বান জনাই ৷ তেওঁলোকৰ উপৰি তেজপুৰ মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শক সমুজ্জ্বল শৰ্মা, বিদ্যালয় খনৰ প্ৰাক্তন সভাপতি সুজিৎ সাহা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰঞ্জন বৰঠাকুৰ, প্ৰদীপ সাহা আদিয়ে বক্তব্য প্ৰদান কৰে৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেজপুৰ সদৰ প্ৰাথমিক বিদ্যালয়সমুহৰ সহ পৰিদৰ্শক অনুপ কুমাৰ বিশ্বাস, ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ৰ বিষয়া নাজিমা চুলতানা, শোণিতপুৰ জিলা নাট্য সন্মিলনৰ সভাপতি ত্ৰৈলোক্য মহন্ত, সদ্য অৱসৰী শিক্ষক বিজয় তাঁতী, প্ৰাক্তন সভাপতি শংকৰ সাহা, হজৰত আলি, নুৰ ইছলাম, সমাজকৰ্মী গোপাল শীল আদি ব্যক্তি সকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ শৌষ্ঠৱ বৃদ্ধি কৰে৷ শেষত প্ৰধান শিক্ষক ৰঞ্জন বৰঠাকুৰৰ শলাগৰ শৰাই আৰু সভাপতিৰ সাৰুৱা মন্তব্যৰে অনুষ্ঠানটোৰ কাৰ্যসূচী সামৰণি পৰে ৷
প্ৰেৰক বগা তপ্ন