নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক উষ্ম আদৰণি অগপৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা মিত্ৰজোঁট তথা অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত উষ্ম আদৰণি জনোৱা হয়। ফণীভূষণ চৌধুৰী আমবাৰী কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আহি সমবেত হোৱা সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দলটোৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সভাপতিত্ব কৰে। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ লগতে প্ৰতিখন জিলা সমিতি, বিধান সভা সমষ্টি সমিতি আৰু ভাতৃ-ভগ্নী সংগঠনসমূহে বিপুল ভাৱে নৱ-নিৰ্বাচিত সাংসদ গৰাকীক সম্বৰ্ধনা জনায়। নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে এই বিজয় মিত্ৰজোঁট তথা আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদ দলৰ বিজয়। এই বিজয়ৰ জৰিয়তে আঞ্চলিতাবাদৰ লগতে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰাৰ বাবে দায়বদ্ধশীল কৰি তুলিলে বুলি উল্লেখ কৰি জীৱনৰ শেষ দিনটোলৈ অসম গণ পৰিষদ দলক সেৱা আগবঢ়াই যাব বুলি স্পষ্ট ভাৱে উল্লেখ কৰে। চৌধুৰীয়ে লগতে কয় যে, বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে সমগ্ৰ অসমতে দলটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজৰে নিয়োজিত কৰিব বুলি মতপোষণ কৰি সাংসদ গৰাকীৰ কাম কাজৰ ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। চৌধুৰীয়ে সহযোগিতাৰ বাবে মিত্ৰজোঁটৰ লগতে অসম গণ পৰিষদ দলৰ সকলো বিষয়ববীয়া আৰু সদস্যক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে ফণীভূষণ চৌধুৰীৰ জয়লাভে দলটোক নতুন মাত্ৰা দিয়াৰ লগতে লোকসভাত দলটোৰ শূণ্যতা নাইকিয়া কৰিলে। মিত্ৰজোঁটৰ আটাইকেইটা দলৰে পৰিকল্পিত আৰু ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফল বুলি উল্লেখ কৰি সকলো দলীয় সদস্যৰ লগতে মিত্ৰজোঁটৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যকো ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ আতঁ ধৰে দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই। অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, তোলন কোৱঁৰ, সুনীল ডেকা, সুনীল ৰাজকোঁৱঁৰ, ড০ তপন দাস, মণিমাধৱ মহন্ত,ধৰ্মেশ্বৰ ৰায় ,জ্যোতিমণি মৰাণ, উপসভাপতি কুমাৰ দীপক দাস, ড০ জয়নাথ শৰ্মা, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, প্ৰেম শৰ্মা আদিৰ লগতে আটাইকেইটা ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

You might also like